Classifieds
View All
গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ পশ্চিম বংগৰ বাৰেকপুৰৰ বিজেপি সাংসদ অৰ্জুন সিঙৰ বাসগৃহত মঙলবাৰে নিশা ৩ টা বোমা নিক্ষেপ কৰাৰ খবৰ পোৱা গৈছে। যদিও ঘটনাটোৰ সময়ত অৰ্জুন সিং বাসগৃহত উপস্থিত নাছিল লগতে তেওঁৰ পৰিয়ালৰ কোনো লোকৰ ক্ষতিসাধন হোৱা নাই বুলি জানিব পৰা গৈছে।
বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে আৰু বিস্ফোৰণ কাণ্ড সংঘটিত কৰা লোকসকলক বিচাৰি উলিয়াবলৈ বাসগৃহতত স্থাপন কৰা চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰি আছে বুলি আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
ইপিনে, পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰে বিস্ফোৰণ কাণ্ডক লৈ লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
Comments