গুৱাহাটী,৭ ছেপ্টেম্বৰ:বোকাখাটৰ এজন কৃষকে ভাৰতীয় খাদ্য নিগমৰ বিৰুদ্ধে স্থানীয় কৃষকসকলক অৱহেলা প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰিছে যাৰ ফলত কৃষক সকলৰ ব্যৱসায়ত যথেষ্ট লোকচান হৈছে।
বোকাখাটৰ প্ৰদ্যুৎ মহন্তই নিজা প্ৰচেষ্টাত ২৫ বিঘা ভূমিত আৰু সমূহীয়াকৈ ১২৫ বিঘা মাটিত উচ্চ মানদণ্ডৰ বড়ো চাউল সিঁচিছিল। মহন্তই সামূহিকভাৱে মুঠ ১২ টন চাউল উৎপাদন কৰিছিল।
তেওঁ কয়,'মোৰ চপোৱা চাউল বিক্ৰী কৰিবলৈ মই বহুবাৰ যোৰহাটৰ ভাৰতীয় খাদ্য নিগমৰ ওচৰলৈ গৈছিলোঁ, কিন্তু মোৰ সকলো প্ৰচেষ্টা নিষ্ফল হৈ পৰিছিল।কেতিয়াবা এফচিআইয়ে কয় যে তেওঁলোকৰ ওচৰত বস্তা নাই আৰু কেতিয়াবা কয় তেওঁলোকৰ অৰ্ডাৰ নাই। এফচিআইয়ে নিৰ্ধাৰণ কৰা হাৰ হৈছে প্ৰতি কুইন্টলত ১৮৫০ টকা কিন্তু আমি প্ৰতি কুইন্টলত মাত্ৰ ১১০০ টকাতহে বিক্ৰী কৰি আছোঁ"।
মহন্তই লগতে অভিযোগ কৰিছিল যে আঁচনি ৰূপায়ণত দক্ষতাৰ অভাৱৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হয়। শেহতীয়াকৈ, চৰকাৰী তথ্যই এইটোও প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত অনিয়ম সংঘটিত হৈছিল আৰু ২৯৯২.৭৫ কোটি টকা দেশৰ অযোগ্য কৃষকসকলৰ ওচৰলৈ গৈছিল। অসমে দেশৰ ভিতৰতেই প্ৰথম স্থান দখল কৰিছিল য'ত ৮.৩৫ লাখ 'অযোগ্য' বা ভুৱা কৃষকে এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছিল।
Comments