গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) প্ৰধান মোহন ভাগৱতে হিন্দু আৰু মুছলমানৰ বিষয় সন্দৰ্ভত কয় যে, "হিন্দু আৰু মুছলমানসকলৰ পূৰ্বপুৰুষ একে আছিল আৰু ভাৰতৰ প্ৰতিজন নাগৰিকে হিন্দু ধৰ্মৰ লোক। তেওঁ পুনেত গ্লোবেল ষ্ট্ৰেটেজিক পলিচী ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত কৈছিল যে, "বুদ্ধিমান মুছলমান নেতাসকলে মৌলবাদীসকলৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিব লাগে।"
মোহন ভাগৱতে লগতে কৈছিল যে, "ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়সমূহে একো ভয় কৰাৰ প্ৰয়োজন নাই কিয়নো হিন্দুসকলৰ কাৰো সৈতে তেওঁলোকৰ লগত কেনেধৰণৰ শত্ৰুতা নাই। 'হিন্দু' শব্দটো আমাৰ মাতৃভূমি, পূৰ্বপুৰুষ আৰু সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্যৰ সমান। এইটো আন ধৰ্মৰ প্ৰতি অসন্মানজনক নহয়। আমি মুছলমানৰ আধিপত্যৰ বিষয়ে নহয়, ভাৰতীয় আধিপত্যৰ বিষয়ে চিন্তা কৰিব লাগিব। ভাৰতৰ সামগ্ৰিক বিকাশৰ বাবে সকলোৱে একেলগে কাম কৰা উচিত।"
আৰ এছ এছ ৰ মুৰব্বী গৰাকীয়ে শেষত কৈছিল যে, "এক মহাশক্তি হিচাপে ভাৰতে কাকো কোনো কাৰণত ভয় খুৱাব নোৱাৰে। প্ৰতিজন ভাৰতীয় আমাৰ বাবে হিন্দু, ইয়াৰ ধৰ্মীয়, ভাষিক আৰু বৰ্ণ যিয়েই নহওক কিয়, ভাৰতীয় সংস্কৃতিয়ে সকলো ধাৰণাক স্থান দি আহিছে আৰু অন্যান্য ধৰ্মক সন্মান সদায়ে সন্মান কৰি আহিছে।"
Comments