Cartoon
View Older
গুৱাহাটী,৭ ছেপ্টেম্বৰ:সোমবাৰে ৰাতিপুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰচণ্ড ভূমিস্খলন হয়,যিয়ে ছিকিমক বাকী দেশৰ পৰা বিচ্ছিন্ন কৰি তোলে।সীমান্ত পথ সংস্থাৰ (বিআৰঅ') কৰ্মচাৰীসকলে পশ্চিম বংগৰ কালিম্পঙৰ ২৯ মাইল এলেকাত ঘাইপথটো পৰিষ্কাৰ কৰাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে।এই ৰাস্তাটো পৰিষ্কাৰ কৰিবলৈ কিছু সময় লাগিব বুলি বিষয়াসকলে কয়।
বৰ্তমান, দাৰ্জিলিং পাহাৰৰ মাজেৰে পাৰ হৈ যোৱা এক বিকল্প ঠেক পথৰে বাহনবোৰ যাবলৈ দিয়া হৈছে।ছিকিম সীমান্ত চহৰ ৰংপুৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত এই অঞ্চলটো ৰাজ্যখনৰ জীৱনৰেখা ৰাষ্ট্ৰীয় ঘাইপথ-১০ৰ বাবে এক প্ৰধান সমস্যা।
Comments