গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ হাৰিয়ানাৰ কৰ্ণাল জিলাত বিগত ২৮ আগষ্টত আন্দোলনকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ প্ৰতিবাদত কৰ্ণালৰ শস্য মাণ্ডিত এখন কৃষক মহাপঞ্চায়ত আৰম্ভ হৈছে। য'ত ভাৰতীয় কিষান ইউনিয়নৰ মুৰব্বী ৰাকেশ টিকাইত আৰু গুৰনাম সিঙে মহাপঞ্চায়তৰ মঞ্চত উদ্দাত্ত ভাষণ লৈ সাজু হৈ উঠিছে। ইয়াৰ লগতে, বহুতো ৰাজ্যৰ আন্দোলনকাৰী এই মহাপঞ্চায়তত উপস্থিত হৈছে।
কৃষকসকলে মঙলবাৰে সচিবালয় ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছে আৰু কৃষৰসকলৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি, নিৰাপত্তাৰ বাবে কৰ্ণালত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ৪০ টা কোম্পানী মোতায়েন কৰা হৈছে।
প্ৰশাসনে ইতিমধ্যে জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে। লগতে, কৰ্ণাল, জিন্দ, কুৰুক্ষেত্ৰ, কৈথাল আৰু পানীপথত মোবাইল ইণ্টাৰনেট আৰু এছএমএছ সেৱা সোমবাৰে নিশাৰ পৰা মঙলবাৰে নিশা ১২ বজালৈ স্থগিত ৰখা হৈছে।
আনহাতে, কৃষক নেতা গুৰনাম সিং চাধুনিয়ে কৃষকসকলক অপ্ৰতীকৰ পৰিৱেশৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায়। ভাৰতীয় কিষান ইউনিয়নৰ ৰাজ্যিক সভাপতি গুৰনাম সিং চাধুনিয়ে কৈছিল যে আৰক্ষীয়ে সকলো বাধা আঁতৰাই দিছে আৰু কাকো ক'তো ৰখাব নোৱাৰিব। তেওঁ কৃষকসকলক শান্তিপূৰ্ণভাৱে কৰ্ণালৰ শস্য বজাৰত উপস্থিত হ'বলৈ আহ্বান জনাইছে।
ইপিনে, কৃষকসকলৰ মহাপঞ্চায়তৰ প্ৰতি লক্ষ্য ৰাখি, জিলা প্ৰশাসনে চণ্ডিগড়-নতুন দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত জনসাধাৰণৰ অসুবিধাৰ নহ'বলৈ যান-বাহন চলাচলৰ পথ সলনি কৰাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Comments