গুৱাহাটী,৭ ছেপ্টেম্বৰ:জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানিৰ মৃতদেহ কোনো দুৰ্বৃত্তই হায়দৰপোৰাৰ কবৰস্থানৰ পৰা আঁতৰ কৰি পুৰণি চহৰৰ ইদগাহ সমাধিক্ষেত্ৰত সমাধিস্থ কৰাৰ চিন্তা চৰ্চা কৰি থকা কথাৰ গম পাই কেন্দ্ৰীয় সেনা বাহিনীয়ে চহৰখনৰ কেইবাটাও অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰিছে।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে চহৰখনৰ হায়দৰপোৰা আৰু ইদগাহ অঞ্চলৰ চাৰিওফালে সকলো বস্তুতেই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। দুয়োখন ঠাইলৈ যোৱা সকলো ৰাস্তাত বেৰিকেড দিয়া হৈছিল। এই অঞ্চলবোৰক নিৰীক্ষণৰ কৰাৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা হৈছে।
বিষয়াসকলে কৈছিল যে খবৰ অনুসৰি দুৰ্বৃত্তই গিলানিৰ মৃতদেহটো ইদগাহ সমাধিক্ষেত্ৰত সমাধিস্থ কৰাৰ চেষ্টা কৰিব পাৰে। কেইবাজনো সন্ত্ৰাসবাদী আৰু দুজন শীৰ্ষ বিচ্ছিন্নতাবাদী নেতা আব্দুল গনি লোন আৰু মিৰৱাইজ মহম্মদ ফাৰুকক ইয়াত সমাধিস্থ কৰা হৈছিল।
যোৱা বছৰ ফেব্ৰুৱাৰীত বিচ্ছিন্নতাবাদীসকলে জাৰি কৰা এক বিবৃতি অনুসৰি, গিলানীয়ে ইদগাহ সমাধিক্ষেত্ৰত সমাধিস্থ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।
Comments