গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ বলীউড জনপ্রিয় তাৰকা অনিল কাপুৰ অভিনীত ৰাজনৈতিক একচন-ড্ৰামা "নায়ক"ৰ মঙলবাৰে ২০ বছৰ সম্পূৰ্ণ হ’ল। অভিনেতাজনে প্ৰকাশ কৰিছিল যে এই চিনেমাখনৰ বিষয়ে বহুতে আপত্তি দৰ্শোৱাৰ অন্তত অভিনয় কৰিবলৈ মন মেলিছিল। এছ শংকৰৰ দ্বাৰা পৰিচালিত এই চিনেমাখন আছিল অৰ্জুন, মনীষা কৈৰালা আৰু ৰঘুবৰণ অভিনীত চলচ্চিত্ৰ নিৰ্মাতাৰ ১৯৯৯ চনৰ তামিল হিট "মুধলৱান"ৰ আনুষ্ঠানিক পুনৰ্নিৰ্মাণ কৰা চিনেমা।
চিনেমাখনত অনিল কাপুৰক "নায়ক: দ্য ৰিয়েল হিৰো"ত সাংবাদিক শিৱাজী ৰাও গায়কৱাড়ৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল, য'ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বলৰাজ চৌহানৰ সৈতে এক সাক্ষাৎকাৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ দুৰ্নীতি উন্মোচন কৰাৰ পৰিপ্ৰেক্ষিতত শিৱাজী ৰাওক এদিনীয়া মুখ্যমন্ত্ৰী হৈ কাম কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হৈছিল।
ইপিনে, চিনেমাখনৰ এখন ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰি অনিল কাপুৰে লিখিছিল যে, "২০ বছৰ আগতে মই এদিনৰ বাবে ভৌতিক জগতৰ মুখ্যমন্ত্ৰী হৈছিলো আৰু এয়া ৰাজনীতিৰ পথাৰখনত এক ইতিহাস হিচাপে পৰিগণিত হৈছিল। বহুতো মোৰ বিষয়ে মতামত আগবঢ়াইছিল ‘মই নায়ক চিনেমাখনত অভিনয় কৰাটো উচিত নে অনুচিত।"
"কিন্তু মই মনত দৃঢ়প্রতিজ্ঞা কৰি লৈছিলো যে মই এই চিনেমাখন কৰিবই লাগিব আৰু পিছত মোৰ কাম দেখি সকলো দৰ্শকে বহু মৰম দিছিল, আৰু বৰ্তমান আমি এই চিনেমাখনৰ ২০ বছৰ উদযাপন কৰি আছো।"
Comments