গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ মধুমেহ হৈছে বৰ্তমানৰ যুগৰ আটাইতকৈ বেছিকৈ হোৱা ৰোগসমূহৰ ভিতৰত এটা। এই ৰোগে কেৱল বয়োজ্যেষ্ঠসকলকে নহয় যুৱ প্ৰজন্মকো স্পৰ্শ কৰিব পাৰে। সাধাৰণতে দুৰ্বল জীৱনশৈলী, অনিয়মীয়া খোৱা, ব্যায়াম নকৰা বা আনুবংশিক কাৰণৰ ফলত ৰক্ত শৰ্কৰা হ'ব পাৰে। যেতিয়া অগ্ন্যাশয়ে ইনচুলিনৰ উৎপাদন হ্ৰাস কৰে অথবা বন্ধ কৰে, ইয়াৰ ফলত শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয়।
আনহাতে, মধুমেহৰ ক্ষেত্ৰত, ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ'লে ই মাৰাত্মক ৰূপ ল'ব পাৰে।
শৰীৰৰ বৰ্ধিত ৰক্ত শৰ্কৰাৰ ফলত বৃক্ক বিকল হৈ পৰা, হৃদৰোগত আক্ৰমণ হোৱা, মস্তিষ্কৰ ষ্ট্ৰোক হোৱা, অন্য অংগসমূহ বিকল হৈ পৰাৰ লগতে চকুৰ ক্ষেত্রতো বিৰূপ প্ৰভাৱ পৰে। বহুতো ৰোগীয়ে তেওঁলোকৰ ৰক্ত শৰ্কৰা বৃদ্ধি হ'লে দৃষ্টিশক্তি হেৰুৱাব লগা হয়। এনে ক্ষেত্ৰত, মধুমেহ ৰোগীসকলে তেওঁলোকৰ আহাৰৰ বিশেষ যতন লোৱাটো অতিকৈ প্ৰয়োজনীয়।
ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত ঔষধি গুণেৰে পৰিপূৰ্ণ তুলসী অতিকৈ কাৰ্যকৰী। তুলসীৰ পাতত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে বিশেষ উপাদন মজুত থাকে। যেনে, তুলসীত থকা এণ্টিঅক্সিডেণ্টে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰৰ পৰা অতিৰিক্ত শৰ্কৰাৰ পৰিমাণ আঁতৰ কৰাত সহায় কৰে।
মধুমেহ ৰোগীসকলে তুলসী গ্ৰহণ কৰাৰ পদ্ধতিসমূহঃ
১. প্ৰতিদিনে পুৱা খালী পেটত ৩-৪ টা তুলসী পাত চোবাই খাব। ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব।
২. নিশা এগিলাচ পানীত কেইটামান তুলসীপাত তিয়াই থৈ দিয়ক। ৰাতিপুৱা শুই উঠি খালী পেটত সেই পানী গিলাচৰ লগতে তুলসী পাত কেইটা চেবাই খাব।
৩. ৰক্ত শৰ্কৰা স্তৰ নিয়ন্ত্ৰণত ৰখাৰ আটাইতকৈ বেছি কাৰ্যকৰী পদ্ধতিটো হ'ল, সদায় তুলসী পাতৰ চাহ বনাই খাব পাৰে। ইয়াৰ বাবে, একাপ পানীত ৪-৫ টা তুলসীৰ পাত যোগ দিয়ক আৰু কমেও ১ মিনিটৰ বাবে গৰম কৰক। এতিয়া ইয়াক কাপ এটাত লৈ অলপ মৌ যোগ দিয়ক আৰু ইয়াক সেৱন কৰক।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
Comments