গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ যদিহে আপোনাক কোনো লোকে চিনেমা চাবলৈ দি মাচুল পৰিশোধ কৰে, তেতিয়া আপুনিও নিশ্চয় ভাবিবলৈ বাধ্য হ'ব যে, পৃথিৱীত ইয়াতকৈ ভাল কাম আৰু কি হ'ব পাৰে! ঠিক এনেদৰে বাস্তৱজগতত এটা কোম্পানী আছে যিয়ে চিনেমা চোৱাৰ বাবে মাচুল পৰিশোধ কৰিব। ফাইনেন্সবাজ নামৰ এই কোম্পানীটোৱে ১৩ খন চিনেমা চাবলৈ মাচুল পৰিশোধ কৰে, কিন্তু চৰ্তটো হ'ল যে সেই চিনেমা সম্পূৰ্ণ শিহৰণকাৰী হ'ব লাগিব।
বিশেষ সূত্ৰৰ পৰা জানিব পোৱা অনুসৰি, শিহৰণকাৰী চিনেমা চাবলৈ 'ফাইনেন্সবাজ' কোম্পানীটোৱে ১,৩০০ ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ৯৫,০০০ অধিক মাচুল পৰিশোধ কৰিব। কিন্তু সকলোৰে মনত নিশ্চয় প্ৰশ্ন উত্থাপিত হ'ব কোম্পানীটোৱে এনে কাৰ্য্য কৰাৰ আঁৰত মূল কাৰণটো কি? দৰাচলতে, কোম্পানীটোৱে শিহৰণকাৰী চিনেমা এখন চোৱাৰ সময়ত ব্যক্তিজনৰ হৃদস্পন্দনৰ হাৰ কিমান সেইটো নিৰীক্ষণ কৰিব। কোম্পানীটোৱে লগতে উচ্চ বাজেট আৰু কম বাজেটৰ শিহৰণকাৰী চিনেমাৰ তুলনা কৰিব।
বৰ্তমান কোম্পানীটোৱে ১৩ খন শিহৰণকাৰী চিনেমা চাবলৈ প্ৰাৰ্থীৰ সন্ধান অব্যাহত ৰাখিছে আৰু নিৰ্বাচিত প্ৰাৰ্থীগৰাকীক চিনেমা কেইখন চোৱাৰ সময়ত হৃদস্পন্দনৰ হাৰ অনুসৰণ কৰিবলৈ ফিটবিট ডিভাইচ ব্যৱহাৰ কৰিব বুলি কোম্পানীটোৰ তৰফৰ পৰা জানিবলৈ দিয়ে। লগতে ইয়াৰ বাবে কোম্পানীটোৱে ২৬ ছেপ্টেম্বৰ পৰ্যন্ত আবেদনসমূহ গ্ৰহণ কৰিব আৰু বিজয়ী প্ৰাৰ্থীৰ নাম ১ অক্টোবৰত ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।
Comments