গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ টেলিভিজনৰ জনপ্রিয় ধাৰাবাহিক ’তাৰক মেহতা কা উল্টা চশমা'ই বিগত ১৩ বছৰ ধৰি দৰ্শকৰ হৃদয়ত স্থান দখল কৰি আহিছে। এই ধাৰাবাহিকখন ইমানেই জনপ্ৰিয় যে ইয়াৰ সকলো চৰিত্ৰ সকলো লোকৰ বাবে বাস্তৱ যেন লাগিবলৈ আৰম্ভ কৰিছে।চৰিত্ৰতসমূহত অভিনয় কৰা কলা-কুশলীসকলো টেলিভিশন জগতৰ তাৰকা হিচাপে পৰিগণিত হৈছে। কেৱল জেঠালালৰ চৰিত্ৰই নহয় 'ববিতা জী' চৰিত্ৰটোৱে দৰ্শকক বাৰুকৈ আকৰ্ষিত কৰিছে।
বৰ্তমান টেলিভিশন জগতৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে এসময়ত যথেষ্ট কম মাচুলত কৰ্মজীৱন আৰম্ভ কৰিছিল। ববিতা অৰ্থাৎ মুনমুন দত্তৰ প্ৰথম উপাৰ্জন আছিল মাত্ৰ ১২৫ টকা।মুনমুন দত্তই তেওঁৰ সৌন্দৰ্য, শৈলী আৰু অভিনয়ৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰি আহিছে।
তেওঁৰ আকৰ্ষণীয় ৰূপ সদায় সামাজিক মাধ্যমত প্ৰচাৰিত হৈ থাকে। বৰ্তমানৰ এই টেলিভিশন জগতৰ তাৰকাগৰাকীয়ে মাত্ৰ ৬ বছৰ বয়সৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰিছিল। আনহাতে, মুনমুন দত্তই ২০০৫ চনত টেলিভিশন জগতখনৰ সৈতে জড়িত হৈ পৰিছিল।
এসময়ত, ১২৫ টকা মাচুল গ্ৰহণ কৰি অভিনয় কৰা মুনমুন দত্তই বৰ্তমান টেলিভিশন জগতখনত সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী হিচাপে পৰিগণিত হৈছে। বৰ্তমান মুনমুনক প্ৰত্যেকটো খণ্ডৰ বাবে ৩৫,০০০ টকাৰ পৰা ৫০,০০০ টকা পৰ্যন্ত মাচুল আদায় দিয়া হয়।
লগতে বিশেষ সূত্ৰৰ পৰা জানিব পোৱা অনুসৰি, মুনমুন দত্তৰ মুঠ মূল্য ১৪ কোটি টকাৰ সম্পত্তি আছে আৰু অভিনেত্রী গৰাকীয়ে এক ৰাজকীয় জীৱন অতিবাহিত কৰি আছে।
Comments