Classifieds
View All
গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ জম্মুত উপস্থিত হৈ নিজকে এজন কাশ্মীৰী পণ্ডিত বুলি অভিহিত কৰিছে। ৰাহুল গান্ধীয়ে কয় যে, "যেতিয়াই মই জম্মু-কাশ্মীৰলৈ আহো, মোৰ এনেকুৱা অনুভৱ হয় যেন মই জন্মভূমিলৈ আহিছো।
আনহাতে, জম্মুত দলীয় কৰ্মীসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, "মই যেতিয়াই জম্মু-কাশ্মীৰলৈ আহোঁ, নিজেও এজন কাশ্মীৰী পণ্ডিত বুলি অনুভৱ কৰোঁ। মই মিছাকৈ নকওঁ, জন্মুলৈ আহিলে মই কাশ্মীৰী পণ্ডিতসকলক নিজৰ ভাতৃ বুলি ভাবোঁ।"
ৰাহুল গান্ধীয়ে শুক্ৰবাৰে পুৱা ১১ বজাৰ পৰা নিশা ১২.৩০ বজালৈ জম্মুৰ ত্ৰিকুটা নগৰৰ জে কে ৰিজৰ্টত দলীয় কৰ্মীসকলক সাক্ষাৎ কৰিছিল। আহাৰৰ সময়ত দলৰ জ্যেষ্ঠ নেতাসকলক লগ কৰাৰ পিছত, তেওঁ আবেলি ৩:৩০ বজাত বিমানেৰে পুনৰ দিল্লীলৈ উভতি আহে।
Comments