Cartoon
View Older
গুৱাহাটী,৯ ছেপ্টেম্বৰ:যোৰহাটৰ নিমাতীঘাটত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত এতিয়ালৈকে ৪ জন লোক সন্ধানহীন হৈ থকাৰ উপৰিও ১ গৰাকী যুৱতীৰ মৃত্যু হৈছে। অসমৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মতে নাওঁ খনত ৭০ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল।৪৩ জনক ঘটনাস্থলীতেই উদ্ধাৰ কৰা হৈছিল।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈছিল সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰা । ঘটনাটোৰ চৰজমিন নিৰীক্ষণ কৰিবলৈ গৈ যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগত তাৎক্ষণিক আলোচনা কৰে সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰাই ৷ তেওঁলোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল যে ওৰে নিশা উদ্ধাৰ অভিযান অব্যাহত থাকিব । আনহাতে মন্ত্ৰী বিমল বৰাই জনোৱা মতে, বৃহস্পতিবাৰে সেনাবাহিনীৰ লগতে বায়ু সেনা বাহিনীৰ সহায় লৈ উদ্ধাৰ অভিযান চলোৱা হ’ব।
Comments