গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ দেশৰ বৰ্ধিত জনসংখ্যাৰ মাজতে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ আলোচনা পূৰ্ণ গতিত চলি আছে। এই বিষয়টো বহু পৰিমাণে বিতৰ্কিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত গুজৰাটৰ আহমেদাবাদ পৌৰ নিগমে এটা নতুন নিয়ম ঘোষণা কৰিবলৈ সাজু হৈছে। এই নতুন নিয়ম অনুসৰি এহাল দম্পতিৰ দুটা সন্তান জন্ম হোৱাৰ পিছত তৃতীয়টো সন্তানৰ বিনামূলীয়া প্ৰসৱ উপলব্ধ নহ'ব। পিতৃ-মাতৃয়ে নিজেই তৃতীয় আৰু পৰৱৰ্তী সন্তানৰ প্ৰসৱৰ ব্যয় বহন কৰিব লাগিব।
বৰ্তমানলৈ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিষয়টোৰ ওপৰত কোনো নিয়ম প্ৰস্তুত কৰা নাই, যদিও আহমেদাবাদ পৌৰ নিগমে (এএমচি) নিয়মটো কাৰ্যকৰী কৰাৰ কাম আৰম্ভ কৰিছে। এ এম চিত শাসনত থকা বিজেপি নেতা ভাস্কৰ ভট্টই পৌৰ নিগমৰ বৈঠকত গৰ্ভৱতী মহিলাৰ সুবিধা সীমিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ভট্টই বিশদভাৱে কৈছিল যে, "১৯৮৭ চনত পৌৰ নিগমৰ দ্বাৰা পৰিচালিত ভিএছ হস্পিটেলৰ পৰিচালনা পৰিষদে একে ধৰণৰ নীতি গৃহীত কৰিছিল।
এই নীতি কেইবছৰমানৰ বাবে কাৰ্যকৰী কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত এই নীতি বন্ধ হৈ পৰিছিল। বৰ্তমান পুনৰ এক সংশোধিত নীতি প্ৰস্তুত কৰা হৈছে, য'ত এজন লোকে কেৱল দুটা শিশুৰ বাবেহে সকলো এ এম চি পৰিচালিত চিকিৎসালয়ত বিনামূলীয়া শিশু প্ৰসৱৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। উক্ত প্ৰস্তাৱটো আগন্তুক সপ্তাহত স্থায়ী সমিতিৰ সন্মুখত ৰখা হ'ব।
প্ৰস্তাৱটো গৃহীত হোৱাৰ পিছত, আঁচনিখন এএমচি-পৰিচালিত ভিএছ হস্পিটেল, সাৰদাবেন চিকিৎসালয় আৰু এলজি চিকিৎসালয়ত প্ৰযোজ্য হ'ব, য'ত যোৱা তিনি বছৰত মুঠ ৬৩,০০০ ৰো অধিক সন্তানৰ প্ৰসৱ কৰা হৈছে।
Comments