Choose Language

  • All  
  • English
  • অসমীয়া

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অতিকৈ কাৰ্যকৰী এই ৫ বিধ খাদ্য, জানক আন লাভালাভসমূহ


Published on September 9, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মাখনৰ ব্যৱহাৰে মুখমণ্ডল কৰি তুলিব সুন্দৰ, লগতে আঁতৰ হ'ব এইসমূহ সমস্যা 


Published on September 8, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ মাখনে স্বাস্থ্যৰ লগতে ছালৰো যথেষ্ট উপকাৰ কৰে। যেতিয়া আমাৰ ছাল শুকান হয় তেতিয়া মুখমণ্ডলত বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে। শুষ্কতাৰ ফলত ছালৰ নমনীয়তা নাইকিয়া হয়, যাৰ ফলত মুখৰ আলচাৰ, সূক্ষ্মতা আদি দেখা যায়। মুখমণ্ডলৰ ৰঞ্জকতা আৰু দাগবোৰো সহজে আঁতৰ নহয়। শৰীৰৰ লগতে ছালৰ বিভিন্নধৰণৰ সমস্যা আঁতৰ কৰাৰ বাবে মাখন অতিকৈ কাৰ্যকৰী।  

ছালৰ বাবে মাখন কেনেদৰে উপকাৰীঃ

স্বাস্থ্যৰ সৈতে ছালৰ বাবে মাখন অত্যন্ত উপকাৰী। ই ছালক প্ৰাকৃতিকভাৱে নমনীয় আৰু উজ্জ্বল কৰি তোলে। যদি আপোনাৰ মুখখন শুষ্কতাৰ বাবে খজুৱতি আৰু জ্বলা-পোৰা হয় তেনেহ'লে মাখনে ছালখনৰ সমস্যা আঁতৰ কৰে। ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। তদুপৰি, মাখনত এণ্টিঅক্সিডেণ্ট আৰু এণ্টি এজিং গুণ আছে। ইয়াত ভিটামিন এ উপাদান পোৱা যায়, যি ছালৰ বাবে অতিকৈ উপকাৰী। 

ছালত মাখন প্ৰয়োগ কৰাৰ তিনিটা কাৰ্যকৰী উপায়ঃ

প্ৰথমঃ

এটা বাটিত এচামুচ ঘৰত বনোৱা সতেজ মাখন লওঁক। এতিয়া ইয়াত এটা কল যোগ দিয়ক। এতিয়া ইয়াক ভালদৰে মিহলাই লওক। তাৰ পিছত ভালদৰে মুখ আৰু ডিঙিত প্ৰয়োগ কৰক আআৰু ইয়াক শুকাই নোযোৱালৈকে ৰাখক। পৰৱৰ্তী ১৫ মিনিটৰ পিছত পানীৰে মুখখন ধুই পেলাওক। মাখন আৰু কলৰ সংমিশ্ৰণে আপোনাৰ ছালক এক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰিব।

দ্বিতীয়ঃ

এটা বাটিত এক চামুচ সতেজ মাখন লওঁক আৰু ইয়াত এক চামুচ গোলাপজল যোগ দিয়ক। যেতিয়ালৈকে ই ভালদৰে মিহলি নহয় তেতিয়ালৈকে ভালদৰে মিহলাই থাকিব। তাৰ পিছত ইয়াক মুখত প্ৰয়োগ কৰি আধা ঘণ্টাৰ বাবে এৰি দিয়ক। তাৰ পিছত ইয়াক কুহুমীয়া পানীৰে মুখখন ধুই পেলাওক। ই আপোনাৰ ছাল স্বাস্থ্যৱান কৰি ৰাখিব আৰু লগতে মৃত ছালৰ কোষবোৰ সজীব কৰি তুলিব।

তৃতীয়ঃ

এটা বাটিত তিয়ঁহ পিচি ওলাই লওক। তাৰ পিছত তাৰ পৰা দুই চামুচ ৰস ঘৰত বনোৱা মাখনৰ সৈতে মিহলি কৰক। পৰৱৰ্তী সময়ত ভালদৰে মিহলি হোৱাত ইয়াক মুখত প্ৰয়োগ কৰি ১৫ মিনিটৰ বাবে থৈ দিয়ক। ই আপোনাৰ ছাল ৰঙা পৰাৰ সমস্যাৰ পৰা উপশম কৰিব। 

ছালত মাখন প্ৰয়োগ কৰাৰ লাভালাভসমূহঃ

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, মাখনে ছালৰ বিশেষ যত্ন ল'বলৈ সক্ষম। যদি আপুনি উল্লিখিত তিনিটা ধৰণেৰে মাখন ব্যৱহাৰ কৰে, তেন্তে ই মুখমণ্ডলৰ উজ্জ্বলতা ঘূৰাই আনিব পাৰে। ইয়াৰ উপৰিও, এই তিনিটা পদ্ধতিৰে মাখন ব্যৱহাৰ কৰিলে উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে ছালৰ জ্বলা-পোৰা সমস্যা দূৰ কৰিব।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

December 7, 2021


Entertainment
View Older


From Our Archive

Create Account