গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ ভাৰতত বিগত ২৪ ঘন্টাত ৪৩,২৬৩ জন লোক নতুনকৈ ক'ভিডত আক্রান্ত হোৱা পৰিপ্ৰেক্ষিতত দৈনিক আক্রান্ত হোৱা ৰোগীৰ হাৰ ১৪ শতাংশলৈ বৃদ্ধি পাইছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৩৩৮ টা ক'ভিড আক্রান্ত ৰোগীৰ মৃত্যু হোৱাৰ ফলত মৃত ৰোগীৰ সংখ্যা ৪,৪১,৭৪৯ লৈ বৃদ্ধি পাইছে।
ইপিনে, বিগত ২৪ ঘণ্টাত, মুঠ ৪০,৫৬৯ জন ক'ভিড সংক্ৰমিত ৰোগী আৰোগ্য হৈছে, যাৰ ফলত দেশৰ মুঠ ক'ভিডৰ পৰা পুনৰুদ্ধাৰ হোৱা লোকৰ সংখ্যা ৩,২৩,০৪,৬১৪ জনলৈ বৃদ্ধি হৈছে। চৰকাৰী তথ্য অনুসৰি, ভাৰতত ক'ভিড পুনৰুদ্ধাৰৰ হাৰ ৯৭.৪৮ শতাংশ হৈছে।
আনহাতে, ভাৰতত বৰ্তমানলৈ ৭১ কোটিতকৈও অধিক লোকক ক'ভিড ভেকছিন প্ৰদান কৰি হৈছে বুলি স্বাস্থ্য মন্ত্রণালয়ে প্ৰকাশ কৰিছে, যাৰ ভিতৰত বিগত ২৪ ঘণ্টাত ৮৬,৫১,৭০১ জন লোকক ক'ভিড ছিটাকৰণ প্ৰদান কৰা হৈছে।
Comments