গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে আবেলি বিহাৰৰ চাপ্ৰা চহৰত এজন ৰিক্সাচালকৰ লগত এগৰাকী মহিলাৰ ভাড়া সংক্ৰান্তীয় বিষয়ক লৈ মতানৈক্যৰ সৃষ্টি হয় আৰু শেষত মহিলাগৰাকীয় ৰিক্সাচালকজনক ৪ৰ পৰা ৫ বাৰ ছুৰিৰে আঘাত কৰে। তদুপৰি, মহিলাগৰাকীয়ে ৰিক্সাচালকজনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি ঘটনাস্থলীত সমবেত হোৱা ভিৰৰ মাজৰ পৰা পলাই যাবলৈ সক্ষম হয়।
এই ঘটনাটো নগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰামৰাজ চকত সংঘটিত হৈছিল। ইপিনে, মাহাটো নামৰ ৰিক্সাচালকজনে ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, মহিলাগৰাকীয়ে মোক বৃহৎ জনসমাগমত সকলোৰে সন্মুখতে ছুৰিকাঘাত কৰিছিল, কিন্তু কোনে এজন লোকেও মোক উদ্ধাৰ কৰিবলৈ অহা নাছিল।
মাহাটোৱে লগতে কয় যে, মহিলাগৰাকীয়ে চহৰৰ হাতুৱা বজাৰৰ পৰা বলপূৰ্বকভাৱে ভুক্তভোগী ৰিক্সাচালকজনৰ ৰিক্সাত উঠিছিল আৰু তেওঁক ৰামৰাজ চকলৈ লৈ যাবলৈ কৈছিল।
পৰৱৰ্তী সময়ত মই মহিলাগৰাকীক ৰামৰাজ চক পোৱাৰ পিছত, নিজৰ প্ৰাপ্য ভাড়া আদায় দিবলৈ কৈছিলো, কিন্তু মহিলাগৰাকীয়ে ভাড়া খোজাৰ বাবে মোক খং কৰিছিল আৰু বেগৰ পৰা ছুৰি উলিয়াই মোক আক্ৰমণ কৰিছিল। পিছত মহিলাগৰাকীয়ে চিঞৰি চিঞৰি ঘটনাস্থলীৰ পৰা পলাই গৈছিল।
আনহাতে, ঘটনাস্থলীত উপস্থিত থকা লোকসকলে ৰিক্সাচালকজনক সদৰ চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান মাহটোৰ অৱস্থা গুৰুতৰ বুলি চিকিৎসকে জানিবলৈ দিয়ে।
লগতে, আৰক্ষী বিষয়া এগৰাকীয়ে উক্ত ঘটনাৰ সকলো দিশ নিৰীক্ষণ কৰি মহিলাগৰাকী প্ৰাথমিক অৱস্থাত মানসিকভাৱে অস্থিৰ বুলি জানিব পাৰিছে, লগতে মহিলাগৰাকীক আটক কৰিবলৈ চেষ্টা চলাই আছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
Comments