গুৱাহাটী,১৩ ছেপ্টেম্বৰ:কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰাৰ পাছতে থাওৰাৰ ৰাজনৈতিক সমীকৰণ সলনি হৈ পৰিছে । থাওৰা সমষ্টি নিজৰ হাতত ৰখাৰ স্বাৰ্থত শাসক দলে চেষ্টা অব্যাহত ৰাখিছে । সেয়ে দেওবাৰে চমক সৃষ্টি কৰি থাওৰাত বিজেপি চৰকাৰে চমক দিছে ৰাইজক। একেদিনাই উপ-নিৰ্বাচনৰ পূৰ্বে থাওৰাত ১৪ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই।
থাওৰা সমষ্টিৰ অন্তৰ্গত বকতাৰ আহোম গাঁও পথ, কুতুহাগুৰি পথ, কটীয়া গাঁও পথ, ডিমৌ গুৰি পথ, দেউৰীটিং, ম'হখুটি, ডিমৌ পলিটেকনিক, কলীয়াপানী, মাজাচয়িফ, কেচুমণি, ধ্যান চাৰিআলি, ধুন্দৰমুখ, কছাৰীপথাৰ, বজালীগাঁও পথকে ধৰি মুঠ চৈধ্যটাকৈ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । থাওৰা সমষ্টিৰ দুগৰাকীকৈ প্ৰাক্তন বিধায়ক আৰু চৰকাৰী বিষয়াৰ উপস্থিতিত নতুনকৈ আৱণ্টিত পথ সমূহৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।
Comments