গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : জনজাতীয় লোকসকলৰ জীৱিকা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰ কেতবোৰ পৰিকল্পনা যুগুত কৰিছে । শীঘ্ৰেই অসমত স্থাপন কৰা হ'ব ৪০০ টা 'বন ধন বিকাশ কেন্দ্ৰ'। দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে । সাধাৰণতে এটা 'বন ধন বিকাশ কেন্দ্ৰ'ত ২০ গৰাকী জনজাতীয় লোক সদস্য হিচাপে থাকিব ।
'বন ধন বিকাশ কেন্দ্ৰ'ৰ গোটবোৰে জীৱিকা নিৰ্বাহৰ সুযোগ প্ৰদানৰ লগতে বজাৰৰ সৈতে সংযোগ আৰু উদ্যোগ স্থাপনৰ সুযোগ প্ৰদান কৰিব । কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ সৈতে দেওবাৰে এক বৈঠকত মিলিত হোৱাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা জানিবলৈ দিয়ে ।
জনজাতীয় লোকৰ শিল্পকলাৰ প্ৰচাৰৰ বাবে ৪০০ খন জনজাতীয় গাঁও সামৰি 'বন ধন বিকাশ কেন্দ্ৰ' স্থাপন কৰাক লৈ তেওঁ আনন্দ প্ৰকাশ কৰে । এই পদক্ষেপে ৰাজ্যৰ জনজাতীয় লোকসকলক জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত গতি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
Comments