Classifieds
View All
গুৱাহাটী,১২ ছেপ্টেম্বৰ:ভাৰতবৰ্ষৰ মানুহৰ বাবে মিঠাই হৈছে এক গুৰুত্বপূৰ্ণ খাদ্য। উৎসৱ-পাৰ্বনৰ লগতে পৰিয়ালৰ সুখৰ সময়ত এই মিঠাই হৈ পৰে সকলোৰে বাবে প্রিয়।কিছুমানে আকৌ স্বাস্থ্য সচেতন হৈ পৰিছে আৰু শেহতীয়াকৈ মিঠাই খোৱা বহু পৰিমাণে হ্ৰাস কৰিছে। বিশেষকৈ পশ্চিমবংগৰ মানুহৰ মিঠাই বৰ প্ৰিয়। মিঠাইৰ দোকানলৈ গ'লে প্ৰথমেই দেখা যায় ৰসগোল্লা। সকলোৰে বাবে প্ৰায় প্ৰথম পছন্দ ৰসগোল্লা।
কিন্তু ৰসগোল্লাৰ ইংৰাজী নাম কি? এটা সাক্ষাৎকাৰত, এইটো সোধা হৈছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ ৯৯ শতাংশ লোকে দিব নোৱাৰিলে। আপুনি জানি আচৰিত হ'ব যে ৰসগুল্লাক ইংৰাজীত 'চিৰাপ ফিল্ড ৰোল' বুলি কোৱা হয়। যদিও গুগলত ছাৰ্চ কৰিলে ৰসগোল্লা আহে কিন্তু ই্যাক ইংৰাজীত ছিৰাপ ফিল্ড ৰ’ল বুলি বুজোৱা হয়।
Comments