গুৱাহাটী,১২ ছেপ্টেম্বৰ:মাজুলী আৰু যোৰহাট সংযোগী ফেৰীৰ দুৰ্ঘটনাৰ পিছত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ মাজুলীত ৷ ইয়াক লৈ মাজুলীত সৰ্বস্তৰত তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে ৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই যোৱা ৯ ছেপ্তেম্বৰত সমগ্ৰ মাজুলীত ক’লা দিৱস ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই গড়মুৰ সদৰত এক সংবাদ মেল সম্বোধন কৰে ৷
জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই শোকাৱহ ঘটনাটোত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে আৰু সন্ধানহীন ব্যক্তি কেইজনৰ যাতে তাৎক্ষণিক সম্ভেদ পায় তাৰ বাবে উদ্ধাৰ অভিযান ক্ষীপ্ৰ গতিত অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ ন্যায়িক তদন্তৰ যোগেদি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে আছুৱে৷
অন্যহাতে সংবাদ মেলত আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয় যে, উত্তৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ পৰা শিক্ষা নল’লে পাটোৱাৰীয়ে৷ নিমাতী-মাজুলী ফেৰী দুৰ্ঘটনাৰ বাবে দায়ী চন্দ্ৰমোহন পাটোৱাৰীক অতি শীঘ্ৰে হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে৷
Comments