Cartoon
View Older
গুৱাহাটী,১৩ ছেপ্টেম্বৰ:সমগ্ৰ ৰাজ্য জোকাৰি যোৱা মাজুলীৰ নাওঁ দুৰ্ঘটনাৰ পিছতেই এতিয়া তৎপৰ হৈছে মৰিগাঁও জিলা প্ৰশাসন । ইয়াৰ পৰিপ্ৰেক্ষিততে শনিবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই এক নিৰ্দেশনা প্ৰকাশ কৰি মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰত ভুটভুটি নাওঁ আৰু ফেৰী চলাচলত ১৪৪ ধাৰা জাৰি কৰিছে ৷
প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰাৰ পাছতেই দেওবাৰে লাহৰীঘাটৰ কাঠনিৰ পাৰঘাটত লাহৰীঘাটৰ ৰাজহ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু উপস্থিত হয় ৷ বিষয়াগৰাকীয়ে কাঠনি পাৰঘাটৰ সকলো ভূটভূটি নাও চালকক লাইফ জেকেট, লাইফ ব’ৰ্ড আৰু ডবল ইঞ্জিন ব্যৱহাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে।সমান্তৰালকৈ চক্ৰ বিষয়াগৰাকীয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ আইনক অৱমাননা কৰা সকলো ভূটভূটি জব্দ কৰা হ’ব বুলি চালকসকলক সকীয়নি প্ৰদান কৰে ।
Comments