গুৱাহাটী, ১৩ ছেপ্টেম্বৰঃ আফগানিস্তান দখল কৰা সন্ত্ৰাসবাদী গোট তালিবানৰ বিষয়ে এক নতুন খবৰ পোৱা গৈছে। য'ত তালিবানৰ মুখপাত্ৰ জাবিয়াউল্লাহ মুজাহিদে উল্লেখ কৰিছে যে তেওঁ বহু বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা আৰু আফগানিস্তান ৰাষ্ট্ৰীয় সেনাবাহিনীৰ নিচেই কাষতে আছিল কিন্তু কেতিয়াও সেনাবাহিনীৰ লোকে তেওঁক চিনিব পৰা নাছিল।
লগতে মুজাহিদে কৈছিল যে, "আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আফগানিস্তানৰ সেনা বাহিনীয়ে তেওঁক অধিক ভয়াবহ বুলি গণ্য কৰিছিল আৰু তেওঁ আফগানিস্তানৰ ৰাজধানী কাবুলত বাস কৰাৰ সময়ত কোনো সৈন্যই তেওঁৰ একো ক্ষতি কৰিব নোৱাৰিলে।" আফগানিস্তানত তালিবানে দখল কৰাৰ প্ৰায় এমাহ পিছত জাবিয়াউল্লাহে এইসমূহ কথা প্ৰকাশ কৰিছে।
শেষত জাবিয়াউল্লাহে আমেৰিকাৰ সেনাবাহিনীক উদ্দেশ্য কৰি কয় যে, "মই বৰ্তমান আফগানিস্তানত মুক্তভাৱে ভ্ৰমণ কৰিব পাৰোঁ, মোক বাধা দিবলৈ কোনো নাই। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আফগানিস্তানৰ সেনা বাহিনীক বিপথে পৰিচালিত কৰাটো মোৰ বাবে অতিকৈ লাভজনক আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই ইণ্টেলিজেঞ্চ আহৰণৰ বাবে যথেষ্ট ধন ব্যয় কৰিছিল। কিন্তু তেওঁলোকে কোনোধৰণৰ সুফল পাবলৈ সক্ষম নহ'ল।
Comments