গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ বলীউড আৰু টেলিভিশন জগতৰ তাৰকাৰ অনুৰাগীসকলে কেৱল তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰখাই নহয়, তেওঁলোকৰ যুগ্ম জীৱন, প্ৰেমকাহিনী আৰু সম্পর্ক বিচ্ছেদ হোৱা সকলো বিষয়ৰ ওপৰতে তীক্ষ্ণ নজৰ ৰাখি আহিছে। টেলিভিশন তাৰকাসকলৰ জীৱনটো সাধাৰণ মানুহৰ দৰে উত্থান-পতন থাকে। তেওঁলোকৰ জীৱনত সম্পৰ্ক গঢ়ে আৰু কেতিয়াবা ভাঙি যায়।
ঠিক তেনেদৰে অভিনেত্ৰী দিব্যাঙ্কা ত্ৰিপাঠীৰ জীৱনটো একেধৰণৰ ঘটনা ঘটিছিল যেতিয়া শৰদ মালহোত্ৰা তেওঁৰ জীৱনলৈ আহিছিল। দুয়োজন জনপ্ৰিয় টিভি তাৰকা প্ৰায় ৮ বছৰ ধৰি ইজনে সিজনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল আৰু তাৰ পিছত এদিন তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকৰ ৮ বছৰীয়া সম্পৰ্ক এক মূহুর্ততে ভাঙি পৰিছিল কিন্তু তেওঁলোকে কেতিয়াও তেওঁলোকৰ অনুৰাগীসকলৰ পৰা একো কথা লুকুৱাই ৰখা নাছিল।
দিব্যাঙ্কা ত্ৰিপাঠী আৰু শৰদ এখন ধাৰাবাহিকৰ দৃশ্যগ্ৰহণ চলি থকা সময়ত ইজনে সিজনৰ সৈতে কাষ চাপি আহিছিল আৰু লাহে লাহে দুয়োৰে মাজৰ বন্ধুত্ব হৈ সেই সম্পর্ক প্ৰেমত পৰিণত হৈছিল।
কিন্তু পৰৱৰ্তী সময়ত শৰদে লাহে লাহে সম্পর্কৰ পৰা পিছুৱাই আহিবলৈ আৰম্ভ কৰিছিল। বিশেষ সূত্ৰৰ পৰা পোৱা বাতৰি অনুসৰি, দিব্যাঙ্কাই ইমান দিনে প্ৰেমৰ সম্পৰ্কত থকাৰ পৰিপ্ৰেক্ষিতত দুয়োৰে বিবাহ পাশত আৱদ্ধ হোৱাটো বিচাৰিছিল। কিন্তু শৰদে তেতিয়া বিয়া কৰিব বিচৰা নাছিল। সেইকাৰণে দুয়োৰে সম্পর্কত লাহে লাহে ফাঁট মেলা আৰম্ভ হ'ল আৰু সোনকালেই দুয়োজনে সম্পর্ক বিচ্ছেদ কৰিলে।
Comments