Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6257

উৎসৱৰ আগতে কমিব পাৰে ৰন্ধন কাৰ্য্যত ব্যৱহাৰ হোৱা তেলৰ মূল্য


Published on September 11, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

বিশ্বৰ আটাইতকৈ ডাঙৰ ৰিয়েলিটি শ্ব', জয়ী হ'ব পাৰিলে আৰামেৰে কটাব পাৰিব জীৱন নাতি-পুতি পৰ্য্যন্ত


Published on September 11, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ ভাৰতত ৰিয়েলিটি টিভি অনুষ্ঠানৰ বাবে দৰ্শকৰ মনত যথেষ্ট উন্মাদনা দেখিবলৈ পোৱা যায়। দৰ্শকসকলে এই অনুষ্ঠানবোৰ চোৱাই নহয়, প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিব আগ্ৰহ প্ৰকাশ কৰে। 'কৌন বনেগা কৰোড়পতি', 'বিগ বছ', 'ইণ্ডিয়ান আইডল', 'ফিয়াৰ ফেক্টৰ' দৰে কেইখনমান ৰিয়েলিটি শ্ব' ভাৰতত অতিকৈ জনপ্ৰিয়।

এই অনুষ্ঠানবোৰত অংশগ্রহণ কৰি জয়ী হ'লে লাখ টকাৰ পুৰস্কাৰ হে জিকিব পাৰি। কিন্তু পৃথিৱীৰ এনে এক ৰিয়েলিটি টিভি শ্ব' আছে, য, ত জয়ী হ'ব পাৰিলে বিজয়ীগৰাকীৰ গোটেই বংশধৰ আৰামেৰে, উপাৰ্জন নকৰাকৈ জীৱন কটাব পাৰিব।  'কৌন বনেগা কৰোড়পতি'ৰ দৰে কুইজ অনুষ্ঠানত এগৰাকী ব্যক্তি কোটি টকা উপাৰ্জন কৰিব পাৰে, কিন্তু বিশ্বৰ সৰ্ববৃহৎ ৰিয়েলিটি শ্ব'টোত বিজয়ী প্ৰতিযোগীজনক ১৪,৬৮,৯১,৩০০.০০ পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।

কিন্তু আমোদজনক ভাৱে, বেছিভাগ প্ৰতিযোগীয়ে এই অনুষ্ঠানটোত বেছিদিনলৈ বৰ্তি থাকিব নোৱাৰে আৰু এৰি আহিবলগীয়া হয়। 'চাৰ্ভাইভাৰ' নামৰ এই ৰিয়েলিটি শ্ব'টোত, প্ৰতিযোগীসকলক অত্যন্ত কঠিন পৰিস্থিতিত জংঘল আৰু খাদ্যসংকটত এৰি দিয়া হয়। ইয়াৰ মাজে মাজে তেওঁলোকক কিছুমান কাম কৰিবলৈ দিয়া হয়। এই অনুষ্ঠানটোৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ল, ইয়াত জীয়াই থকা।

বন্য জীৱ-জন্তু, যেনে; সাপ, বৃচ্ছিক আদিৰ সৈতে দিন অতিবাহিত কৰা, অৰণ্য আৰু মৰুভূমিৰ দৰে ঠাইবোৰত, প্ৰতিযোগীসকলে নিজৰ খাদ্য, পানী আৰু বাসস্থানৰ ব্যৱস্থা নিজে কৰি লোৱা আদি বিভিন্ন প্ৰত্যাহ্বানে প্ৰতিযোগীসকলৰ ধৈর্য্যৰ পৰীক্ষা লয়। এই অনুষ্ঠানৰ পৰা বেছিভাগ প্ৰতিযোগীয়ে স্বাস্থ্যৰ অৱনতি হোৱা আৰু মৃত্যুৰ ভয়ত এৰি আহিবলগীয়া হয়।
 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

September 22, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account