Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6553

আপুনিও 'ভিটামিন ডি'ৰ অভাৱত ভুগি আছে নেকি! গ্ৰহণ কৰক এইসমূহ খাদ্য, যথেষ্ট উপকৃত হ'ব


Published on September 11, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

পাহৰি যাওক চেম্পু, মূৰ ধোৱাৰ সময়ত ব্যৱহাৰ কৰক মাটি, জানক ইয়াৰ উপকাৰসমূহ


Published on September 10, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ চুলিৰ সমস্যাৰ বাবে বজাৰত আজিকালি বহুধৰণৰ চেম্পু দেখিব পোৱা যায় লগতে সকলো চেম্পুতে চুলিৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ কথা উল্লেখ কৰা থাকে। সেইবোৰ ভাবিয়ে বহুতো ক্ৰেতাই বিভিন্ন ধৰণৰ ক্ৰয় কৰে, কিন্তু পিছলৈ গৈ চুলিৰ সমস্যা বাবে কোনোধৰণৰ সুফল দেখা নাপায়। সেয়েহে এই বিশেষ সৌন্দর্যৰ শিতানত উল্লেখ কৰা হ'ব যে প্ৰাকৃতিকভাৱে উপলব্ধ উপাদান মাটিয়ে চুলিৰ কিদৰে উপকাৰ সাধন কৰিব পাৰে।

ব্যৱহাৰ কৰাৰ নিয়মসমূহঃ

চুলি ধোৱাৰ বাবে প্ৰকাৰৰ মাটি যেনে; ৰছৌল/ঘাছৌল, বেণ্টনাইট (Rhassoul/Ghassoul, Bentonite) আৰু কাওলিন (Kaolin) ব্যৱহাৰ কৰা হয়। এই মাটি মুখ পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি বা লগতে, ইয়াক বিশেষভাৱে চুলি ধুবলৈ ব্যৱহাৰ কৰিব পাৰি। এই মাটিত প্ৰাকৃতিকভাৱে উপলব্ধ উপাদানবোৰে মূৰৰ ছালৰ লেতেৰা আৰু বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰাৰ লগতে মূৰৰ ছাল পৰিষ্কাৰ কৰে। ই চুলি স্বাস্থ্যৱান কৰি ৰাখে। মাটিয়ে চুলিৰ তেলেতীয়া সমস্যাসমূহ দূৰ কৰে। 

মাটিত বহুতো খনিজ আৰু পুষ্টিকৰ উপাদান পোৱা যায়। যি চুলিক স্বাস্থ্যৱান কৰি তোলে। ই চুলি বোৰ জিলিকাই তোলাৰ লগতে আৰু চুলি মাজতে চিঙি যোৱা সমস্যাও হ্ৰাস কৰে। মাটিয়ে চুলিৰ পি এইচ (pH) স্তৰ সঠিক মাত্ৰাত বৰ্তাই ৰাখে। চুলিৰ প্ৰাকৃতিক পি এইচ (pH) স্তৰ হৈছে প্ৰায় ৪.৫। যেতিয়া আপুনি চুলি চেম্পুৰে পৰিস্কাৰ কৰে, তেতিয়া চুলিবোৰ শুকাই নিৰস হৈ পৰে আৰু চুলিবোৰ ক্ষতিগ্ৰস্ত হয়। মাটিৰে চুলি ধুলে পি এইচ (pH) স্তৰ বৰ্তাই ৰাখিব পাৰি।

পি এইচ (pH) স্তৰে চুলি আৰু মূৰৰ ছালক বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা সুৰক্ষিত কৰি ৰাখে। ই চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতাক নিয়ন্ত্রণ কৰে। পি এইচৰ (pH) স্তৰ বৰ্তাই ৰখাৰ ফলত চুলি সৰা সমস্যাও আঁতৰ হয়।

আনহাতে, মাটিৰে চুলি ধোৱাৰ আগতে মাটিৰ গুণাগুণ পৰীক্ষা কৰি লওক। যাৰ ফলত আপুনি বুজিব পাৰিব যে ইয়াক প্ৰয়োগ কৰিলে আপোনাৰ কোনো এলাৰ্জি নহ'ব। অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, যদিহে এবাৰ বা দুবাৰ মাটিৰে চুলি ধোৱাৰ পিছত বিৰূপ প্ৰভাৱ পৰা দেখা যায়, তেন্তে তৎক্ষণাৎ মাটিৰে চুলি ধোৱা বন্ধ কৰি দিব।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।


Published on January 1, 1970|News Source :


Published on January 1, 1970|News Source :
Cartoon
View Older

 

December 6, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account