Cartoon
View Older
গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ দেশ কঁপাই যোৱা দিলীৰ নিৰ্ভয়া কাণ্ডৰ দৰে অত্যাচাৰৰ বলি হোৱা এগৰাকী মহিলাই মুম্বাইৰ ৰাজৱাড়ী চিকিৎসালয়ত ৩৩ ঘন্টা মৃত্যুৰে সৈতে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ কৰে। মুম্বাইৰ চাকীনাকা অঞ্চলত মহিলাগৰাকীক ধৰ্ষণকাৰীয়ে ৰডেৰেও প্ৰহাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে সন্দেহ কৰিছে।
ইপিনে, মুম্বাই আৰক্ষীয়ে অভিযুক্ত মোহন চাবানক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩০৭, ৩৭৬, ৩২৩ আৰু ৫০৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।
ধৰ্ষণকাণ্ডৰ দৃশ্য চিচিটিভি ফুটেজত আৱদ্ধ হৈছিল। য'ত দেখা পোৱা গৈছিল যে, মহিলাগৰাকীয়ে নিশা প্ৰায় ৮ বজাত ভনীয়েকৰ সৈতে নিজ ঘৰলৈ ৰাওনা হৈছিল।
Comments