Cartoon
View Older
গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ ২০২০-২১ বৰ্ষৰ ইণ্ডিয়ান চুপাৰ লীগ (আইএছএল)ৰ ছেমি ফাইনেলিষ্ট নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে ভাৰতৰ প্ৰিমিয়াৰ ফুটবল লীগৰ নতুন শৃংখলাৰ পূৰ্বে স্পেনিছ মিডফিল্ডাৰ হাৰনান ছাণ্টানাক স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে।
৩১ বছৰীয়া খেলুৱৈ হাৰনান ছান্টানাই বিগত বৰ্ষৰ আই এছ এলৰ শিতানত মুম্বাই চিটি এফ চিৰ বিজয়ত অন্যতম ভূমিকা পালন কৰিছিল। ইপিনে, ছাণ্টানা হৈছে শেহতীয়াকৈ হাইলেণ্ডাৰ্ছৰ হৈ স্বাক্ষৰ কৰা ষষ্ঠগৰাকী খেলুৱৈ।
ছাণ্টানাই স্পেইনৰ ইউডি লাছ পালমাছত তেওঁৰ ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত অনুৰ্ধ-১৯ দলৰ পৰা ২০১১ চনত জ্যেষ্ঠ ফুটবল দললৈ গৈছিল। ছাণ্টানাই লাছ পালমাছৰ হৈ ৬ টা ছিজনত ১৩৩ টা গ'ল দিছিল।
Comments