Choose Language

  • All  
  • English
  • অসমীয়া

পৃথিৱীৰ এনে এখন দেশ য'ত নৱেম্বৰ মাহত বিয়া কৰাবলৈ ভয় কৰে সকলোৱে


Published on September 11, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

শিশুৰ শৰীৰত ক'ৰনাৰ প্ৰভাৱ কিমান দীঘলীয়া হ'ব পাৰে; জানক বিশেষজ্ঞসকলৰ মতামত 


Published on September 11, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ ক'ভিডৰ তৃতীয় ঢৌৰ আশংকা তীব্ৰতৰ হোৱাৰ পৰিপ্ৰেক্ষিতত সকলোৰে মনত ক'ৰনা ভাইৰাছ সম্পৰ্কীয় বহুতো প্ৰশ্ন উদয় হৈছে। যাৰ সঠিক উত্তৰ এতিয়ালৈকে কোনেও উলিয়াব পৰা নাই। এনে পৰিস্থিতিত শিশুসকলৰ ক্ষেত্ৰত কভিডৰ সংক্ৰমণৰ বিষয়টো আটাইতকৈ উদ্বেগজনক হিচাপে বিবেচিত হৈছে। শিশুৰ পিতৃ-মাতৃসকলৰ মনত এতিয়া মাথো এটা প্ৰশ্নই আমনি কৰিছে যে, শিশুসকল কিমান দিনলৈ ক'ৰনা ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হৈ থাকিব পাৰে।

বহুসংখ্যক বিশেষজ্ঞই বিশ্বাস কৰে যে যদিহে কভিডৰ তৃতীয় ঢৌ আহে, তেন্তে ই শিশুৰ বাবে অতিকৈ বিপদজনক হৈ পৰিব। ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত শিশুৰ ওপৰত প্ৰভাৱ দীৰ্ঘম্যাদী হ'ব পাৰে। কিন্তু আন কিছুমান অধ্যয়নে দেখুৱায় যে প্ৰাপ্তবয়স্কৰ তুলনাত এমাহ বা তাৰ ওপৰৰ বয়সৰ শিশুৰ ওপৰত ক'ৰনাৰ প্ৰভাৱ কম হ'ব। 

শেহতীয়াকৈ এক অধ্যয়নত দেখা গৈছে যে, "প্ৰায় ৪ শতাংশ শিশু আৰু কিশোৰ ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত এমাহৰো অধিক সময়লৈ ক'ভিডৰ লক্ষণ দেখুৱাইছিল। এই লক্ষণবোৰৰ ভিতৰত আছিল ভাগৰুৱা অনুভৱ, মুৰৰ বিষ আৰু গোন্ধ নোপোৱা ইত্যাদি।

ইপিনে, চিকিৎসকসকলে বিশ্বাস কৰে যে, "ডেল্টা প্ৰকাৰে শিশুসকলক অধিক প্ৰভাৱিত কৰিব পাৰে। ই শিশুৰ শৰীৰত বিভিন্ন লক্ষণ দেখুৱাব পাৰে। ক'ভিডৰ দ্বাৰা প্ৰভাৱিত শিশুসকলৰ প্ৰতি লক্ষ্য ৰাখি, আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিক্সে ক'ভিড আৰোগ্য হোৱা শিশুসকলক নিৰন্তৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ আহ্বান জনাইছে যাতে দীঘলীয়া ক'ভিডৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰে।
 

Cartoon
View Older

 

August 15, 2022


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account