গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ সৌভাগ্য আৰু দুৰ্ভাগ্য এই দুয়োটা বিষয়ক উপেক্ষা কৰা কেতিয়াও সহজ নহয়। নতুন কামৰ আৰম্ভণি হওঁক বা বিবাহৰ দৰে গ্ৰহণ কৰা ডাঙৰ সিদ্ধান্তই হওঁক, মানুহে সঠিক সময়ত কামবোৰ সম্পন্ন কৰিব বিচাৰে। ঠিক তেনেদৰে, জিম্বাব'ৱেত এক আচৰিত ৰীতি-নীতি প্ৰচলিত হৈ আহিছে।
য'ত নৱেম্বৰ মাহত কোনো লোকে বিবাহপাশত আৱদ্ধ হোৱাৰ পৰা আঁতৰি থাকে। তেওঁলোকে বিশ্বাস কৰে যে, নৱেম্বৰ মাহত বিবাহ কৰিলে পিছলৈ গৈ বিবাহ বিচ্ছেদ আৰু গৰ্ভধাৰণত বিফলতা হোৱাৰ দৰে দুৰ্ভাগ্যজনক খবৰ পাব লাগিব।
এই প্ৰথা সাধাৰণতে শোনা সম্প্ৰদায়ৰ লোকসকলৰ মাজত প্ৰচলিত হৈ আহিছে। শোনা সম্প্ৰদায়ৰ লোকসকলে দক্ষিণ আফ্ৰিকা আৰু বিশেষকৈ জিম্বাব'ৱেত বসবাস কৰে। তেওঁলোকে বাস কৰা কিছুমান অঞ্চলৰ মানুহবোৰে বিশ্বাস কৰে যে এই সময়চোৱাত বৰষুণ হয় আৰু উদ্ভিদ আৰু প্ৰাণী দুয়োটাৰ বিকাশৰ বাবে এই মাহটো অতিকৈ গুৰুত্বপূৰ্ণ। সেয়েহে লোকসকলে এই সময়ছোৱাত কোনোধৰণৰ হুলস্থুল পৰিৱেশ সৃষ্টি কৰাৰ পৰা বিৰত থাকে।
যদিও খ্ৰীষ্টান সম্প্ৰদায়ৰ কিছুসংখ্যক লোকে এই পবিত্ৰ মাহৰ কাৰ্য্যকলাপৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ বিৰোধিতা কৰিছে, তথাপিও পৰম্পৰাগতভাৱে শোনা সম্প্ৰদায়ৰ লোকসকলে এনে নিয়ম পালন কৰি আহিছে আৰু নৱেম্বৰ মাহত বিবাহ আদিৰ দৰে পৱিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে।
Comments
শিশুৰ শৰীৰত ক'ৰনাৰ প্ৰভাৱ কিমান দীঘলীয়া হ'ব পাৰে; জানক বিশেষজ্ঞসকলৰ মতামত
Published on September 11, 2021|News Source : অৰূপ ডেকা
বহুসংখ্যক বিশেষজ্ঞই বিশ্বাস কৰে যে যদিহে কভিডৰ তৃতীয় ঢৌ আহে, তেন্তে ই শিশুৰ বাবে অতিকৈ বিপদজনক হৈ পৰিব। ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত শিশুৰ ওপৰত প্ৰভাৱ দীৰ্ঘম্যাদী হ'ব পাৰে। কিন্তু আন কিছুমান অধ্যয়নে দেখুৱায় যে প্ৰাপ্তবয়স্কৰ তুলনাত এমাহ বা তাৰ ওপৰৰ বয়সৰ শিশুৰ ওপৰত ক'ৰনাৰ প্ৰভাৱ কম হ'ব।
ইপিনে, চিকিৎসকসকলে বিশ্বাস কৰে যে, "ডেল্টা প্ৰকাৰে শিশুসকলক অধিক প্ৰভাৱিত কৰিব পাৰে। ই শিশুৰ শৰীৰত বিভিন্ন লক্ষণ দেখুৱাব পাৰে। ক'ভিডৰ দ্বাৰা প্ৰভাৱিত শিশুসকলৰ প্ৰতি লক্ষ্য ৰাখি, আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিক্সে ক'ভিড আৰোগ্য হোৱা শিশুসকলক নিৰন্তৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ আহ্বান জনাইছে যাতে দীঘলীয়া ক'ভিডৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰে।