গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ অভিনেত্ৰী জেছমিন ভাছিনে কৌতুক অভিনেত্রী ভাৰতী সিঙৰ ওজন হ্ৰাস কৰাৰ আঁৰৰ ৰহস্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ জেছমিনে ভাৰতীয়ে ৰাতি গ্ৰহণ কৰা আহাৰৰ এটা ভিডিঅ' সংগ্রহ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল।
ভিডিঅ'টোত অভিনেত্রী জেছমিন ভাৰতীৰ আহাৰৰ প্লেটখনত চাউলৰ লগত অলপ ঘিউ থকা দেখিছিল, লগতে ঘিউৰে সম্ভাৰ দিয়া দাইল লোৱা দেখা গৈছিল। লগতে জেছমিনে ভিডিঅ'টো সংগ্ৰহ কৰি থকা মূহুর্তত ভাৰতীয়ে কৈছিল যে, সকলোৱে যি খাদ্য গ্ৰহণ কৰে, ময়ো সেয়ে খাদ্য গ্ৰহণ কৰো, কিন্তু মই খোৱাৰ সময় সালসলনি কৰিছো।"
আনহাতে, জেছমিনে প্ৰকাশ কৰা অনুসৰি ভাৰতীৰ ওজন হ্রাস হোৱা ৰহস্যসমূহ হ'ল; চাৰি চামুচ পৰিষ্কাৰ কৰা মাখন, তেলত বনোৱা আলুৰ ব্যঞ্জন আৰু তেলেৰে সম্ভাৰ দিয়া দাইল। ভাৰতীয়ে সন্ধ্যা ৭ বজাৰ পৰা পিছদিনা দুপৰীয়া ১২ বজালৈ কোনোধৰণৰ আহাৰ গ্ৰহণ নকৰে, কিন্তু দুপৰীয়া ১২ বজাৰ পিছতহে ভাৰতীয়ে খাদ্য গ্ৰহণ কৰে বুলি নিজ মুখে উল্লেখ কৰিছে। এইদৰে কৌতুক অভিনেত্রী গৰাকীয়ে ৯১ কিলোগ্রাম ওজনৰ পৰা ১৫ কিলোগ্রাম ওজন হ্রাস কৰিবলৈ সক্ষম হৈছে।
Comments