গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ পাঁচ দশকৰ পিছত, ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত তদানীন্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক তুলাচনীত ওজন কৰি আগবঢ়োৱা ৬৪.৬ কিলোগ্ৰাম সোণ অৱশেষত আদালতৰ নিৰ্দেশৰ পিছত উদয়পুৰ জিলা প্ৰশাসনে চিজিএছটিক হস্তান্তৰ কৰে। শাস্ত্ৰীয়ে দান কৰা এই সোণখিনিৰ মূল্য প্ৰায় ৩২ কোটি টকা হ'ব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।
সোণৰ মালিকীস্বত্বক লৈ ১৯৬৫ চনৰ শেষৰ ফালে বিতৰ্কৰ সৃষ্টি হৈছিল। সেই সময়ত শাস্ত্ৰীক তুলাচনীত ওজন কৰি আগবঢ়োৱা মূল্যৱান ধাতুখিনি পৰৱৰ্তী সময়ত চিত্তোৰগড় জিলা উপায়ুক্তক প্ৰদান কৰা হৈছিল। তেতিয়াৰ পৰা, বিভিন্ন আদালতত পাঁচবাৰকৈ এই গোচৰটোৰ শুনানি হৈছে আৰু প্ৰতিবাৰেই সিদ্ধান্তটো চৰকাৰৰ পক্ষলৈ গৈছিল।
১৯৬৫ চনৰ ১৬ ডিচেম্বৰত গণপতে উদয়পুৰ ভ্ৰমণ কৰাৰ সময়ত শাস্ত্ৰীক ওজনত আগবঢ়োৱা সোণখিনি পিছত চিত্তোৰগড়ৰ উপায়ুক্তক হস্তান্তৰ কৰা হৈছিল। অৱশ্যে, ১৯৬৬ চনৰ জানুৱাৰী মাহত তদানীন্তন ছোভিয়েট ইউনিয়নৰ দ্বাৰা আয়োজিত পাকিস্তানৰ সৈতে হোৱা আলোচনাৰ পিছত তাচখন্দত শাস্ত্ৰীৰ মৃত্যু হৈছিল। তাৰ পিছত, আৰক্ষীয়ে সোণখিনি জব্দ কৰে।
Comments