গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ প্ৰতিগৰাকী খেলুৱৈয়ে নিজৰ খেলৰ জীৱনটো আন্তৰাষ্ট্ৰীয় মৰ্য্যদাৰে সমাপ্ত কৰিবলৈ চেষ্টা কৰে, আৰু ইয়াৰ বাবে বহুটো প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈ সেই পৰ্যায়ত উপনীত হয়। কিন্তু জিম্বাবোৱেৰ এগৰাকী তাৰকা ক্ৰিকেটাৰ ব্ৰেণ্ডন টেইলৰৰ নিজৰ সেই ভাবি থোৱা ইচ্ছাটো পূৰণ কৰিব নোৱাৰিলে, কিয়নো তেওঁ খেলৰ জীৱনৰ অন্ত এক শোচনীয় পৰাজয়ৰ সৈতে সমাপ্ত হৈছিল।
চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত অনুষ্ঠিত তৃতীয় আৰু অন্তিম এদিনীয়াত আয়াৰলেণ্ডে জিম্বাবোৱেক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটো ১-১ ত সমতা অৰ্জন কৰিছিল। উক্ত খেলখনত আয়াৰলেণ্ডৰ অধিনায়ক এণ্ড্ৰিউ বালবাৰ্ণীয়ে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। জিম্বাবোৱে ৩৪ অভাৰত ১৩১ ৰাণত অল আউট হৈছিল।
তাৰ পিছত বৰষুণে খেলখন ব্যাহত কৰে আৰু দ্বিতীয়খন ইনিংছ ৩২ অভাৰলৈ হ্ৰাস কৰা হয়। সেই পৰিপ্ৰেক্ষিতত আয়াৰলেণ্ডৰ সন্মুখত ১১৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিব দিয়া হয়। তেনেদৰে আয়াৰলেণ্ডে ২২.২ অভাৰত ৩ উইকেটত ১১৮ ৰাণ সংগ্ৰহ কৰি মেচখন জিকিছিল।
ইয়াৰ পূৰ্বে জিম্বাবোৱে দলটোৰ আৰম্ভণি অতি দুৰ্বল আছিল আৰু অপেনাৰ ব্ৰেণ্ডন টেইলৰ (৭) আৰু উইকেটকিপাৰ বেটছমেন ৰেইছ চাকাবৱা (৫) সোনকালেই আউট হৈ পেভেলিয়নলৈ উভতি আহিছিল। এই খেলখনে ব্ৰেণ্ডন টেইলৰৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন খেল আছিল।
Comments