গুৱাহাটী,১৫ ছেপ্টেম্বৰ:উপ নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে একেলগে নিৰ্বাচন খেলাৰ বিষয়টোৱে ৰাজনৈতিক বতাহ কিছু গৰম কৰি তুলিছিল।কিয়নো উজনিৰ থাওৰা আৰু মৰিয়নিত কংগ্ৰেছ দলৰ সমান্তৰালভাৱে ৰাইজৰ দলে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে ।
উপ-নিৰ্বাচক কেন্দ্ৰ কৰি থাওৰা সমষ্টিত প্ৰাক্তন বিধায়ক তথা উপ-নিবাৰ্চনত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাজৰ বাকযুদ্ধ ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে । শাসক দল বিজেপিৰ নেতা-মন্ত্ৰী সকলোৱে অখিল গগৈক বিভিন্ন ধৰণৰ সমালোচনা কৰি তীব্ৰ আক্ৰমণ কৰা সময়তে থাওৰা সমষ্টিত প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইয়ে থাওৰাৰ এক ৰাজনৈতিক সভাত অংশ গ্ৰহণ কৰিবলৈ আহি কয়, অখিল গগৈৰ কথাৰ কোনো মূল্য নাই । অখিল গগৈৰ শিকিবলৈ বহুত বাকী আছে ,আন্দোলনৰ নামত ধন ঘটা ব্যক্তি অখিল গগৈ । বৃহৎ নদী বান্ধৰ নামত আন্দোলন কৰি পুঁজিপতি ব্যক্তিৰ মাটি দখল কৰা আদি বহু আন্দোলন কৰিলে পিছত কি বুজা বুজি হ'ল আৰু আন্দোলন নহ'ল আৰু এতিয়া নিমাত হৈ ৰাজনীতি কৰিছে । কিন্তু অখিল গগৈৰ শিকিবলৈ বহু আছে । অখিল গগৈয়ে বহু যুৱকৰ জীৱন ধ্বংস কৰিলে । থাওৰা সমষ্টিত এনে কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰে বিজেপি নেতা সুশান্ত বৰগোহাঁইয়ে ।
Comments