গুৱাহাটী,১৫ ছেপ্টেম্বৰ:উপ নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে একেলগে নিৰ্বাচন খেলাৰ বিষয়টোৱে ৰাজনৈতিক বতাহ কিছু গৰম কৰি তুলিছিল।কিয়নো উজনিৰ থাওৰা আৰু মৰিয়নিত কংগ্ৰেছ দলৰ সমান্তৰালভাৱে ৰাইজৰ দলে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে ।
থাওৰাৰ এক সভাত অংশ লৈ সাংবাদিকৰ আগত অখিল গগৈয়ে কৈছিল, সুশান্ত বৰগোহাঁইয়ে গাখীৰেৰে গা ধুলেও এইবাৰ নিৰ্বাচনত জয়ী হ'ব নোৱাৰে । উপ-নিৰ্বাচনৰ পূৰ্বে থাওৰা বিধানসভা সমষ্টিত ৰাজনৈতিক চমক দেখাবলৈ আধাৰশিলা স্থাপন কৰি বিজেপি দলৰ নেতা মন্ত্ৰীক লগত লৈ সমষ্টি দখলৰ যিমানেই নাটক নকৰক কিয় কিন্তু এইবাৰ ৰাইজে বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক শিক্ষা দিব বুলি মন্তব্য কৰে অখিল গগৈয়ে ।
অখিল গগৈয়ে তীব্ৰ আক্ৰমণ কৰা সময়তে থাওৰা সমষ্টিত প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইয়ে থাওৰাৰ এক ৰাজনৈতিক সভাত অংশ গ্ৰহণ কৰিবলৈ আহি কয়, অখিল গগৈৰ কথাৰ কোনো মূল্য নাই । অখিল গগৈৰ শিকিবলৈ বহুত বাকী আছে ,আন্দোলনৰ নামত ধন ঘটা ব্যক্তি অখিল গগৈ ।
Comments