Classifieds
View All
গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ মঙলবাৰে পুনৰ তৃতীয় বাৰৰ বাবে কোচিনৰ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানলৈ ভাবুকিপূৰ্ণ ই-মেইল পোৱা গৈছে, য'ত থলুৱা বিমান বাহক আইএনএছ বিক্ৰান্ত নিৰ্মাণ কৰা হয়। ইপিনে, ভাবুকিৰে ভৰা ই-মেইলটোত বোমা বিস্ফোৰণ সংঘটিত কৰাৰ বিষয়ে সতৰ্ক কৰা হৈছিল বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
ঘটনাক্ৰমে এনেধৰণৰ ভাবুকিপূৰ্ণ ই-মেইল বিগত প্ৰায় চাৰি সপ্তাহৰ ভিতৰত তৃতীয় বাৰলৈ পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে।
ইপিনে, জাহাজ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ বিষয়াসকলে ই-মেইলটো নিৰাপত্তা অংশীদাৰ চি.আই.এছ.এফৰ বিষয়াসকলক প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত কোচি মহানগৰ আৰক্ষী আয়ুক্তক প্ৰদান কৰা হয়।
বৰ্তমান, এই ভাবুকিযুক্ত ই-মেইল সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
Comments