গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ ২০১৫ চনৰ বিশ্বকাপ ট্ৰফী জয় কৰা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ক্লাৰ্ক বৰ্তমান তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ মাইকেল ক্লাৰ্কে প্ৰায় ৭০ কোটি টকাৰ এটা নতুন বাসগৃহ ক্ৰয় কৰিছিল। মাইকেল ক্লাৰ্কৰ ২০১৯ চনত তেওঁৰ পত্নী কাইলি বোল্ডীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল।
ক্লাৰ্ক আৰু কাইলিৰ ৪০ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ অৰ্থাৎ প্ৰায় ১৯২ কোটি টকা চুক্তিৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। পৰৱৰ্তী সময়ত প্ৰেয়সী পিপ এডৱাৰ্ডচৰ সৈতেও ক্লাৰ্কে সম্পৰ্ক বিচ্ছেদ কৰে।
মাইকেল ক্লাৰ্কে অষ্ট্ৰেলিয়াৰ বাবে আই চি চি বিশ্বকাপ ২০১৫ ৰ খিতাপ জিকিছিল। তেওঁ টি-২০ত অষ্ট্ৰেলিয়াৰ অধিনায়ক হোৱা প্ৰথমগৰাকী অধিনায়ক। ক্লাৰ্কে ২০১৫ চনৰ আগষ্টত ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল।
ক্লাৰ্কে ১১৫ খন টেষ্টত ৮৬৪৩ ৰাণ, ২৪৫ খন এদিনীয়াত ৭৯৮১ ৰাণ আৰু ৩৪ খন টি-২০ত ৪৮৮ ৰাণ সংগ্ৰহ কৰিছে। ক্লাৰ্কে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৩৬ টা শতক অৰ্জন কৰিছিল লগতে ক্লাৰ্ক সেই সময়ৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনবেটছমেন হিচাপে পৰিগণিত হৈছিল।
Comments