গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ টীম ইণ্ডিয়াৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী তেওঁৰ সময়ৰ আটাইতকৈ উজ্জ্বল বেটছমেনসকলৰ ভিতৰত এজন আছিল। ধোনীয়ে তেওঁৰ অধিনায়কত্বৰ বাহিৰেও বেটেৰে বহু গুৰুত্বপূৰ্ণ খেলত পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়াৰ পিছৰে পৰা আই পি এলত ধোনীৰ ফৰ্ম অতি দুৰ্বল হৈ পৰিছে। ইপিনে, ধোনীৰ অনুৰাগীসকলে বিগত দুবছৰ ধৰি তেওঁৰ বেটৰ যাদু দেখিবলৈ দৃঢ়ভাৱে অপেক্ষা কৰি আছে।
শেহতীয়াকৈ এই সংক্রান্তত গৌতম গম্ভীৰে ধোনীক পৰামৰ্শ দি কয় যে, "ধোনী এজন খেলুৱৈ আছিল যি সদায় ৪ বা ৫ নম্বৰত বেটিং কৰি আহিছে। কিন্তু আই পি এল ২০২১ ৰ প্ৰথমাৰ্ধত দেখা গৈছিল যে তেওঁ ছয় বা সপ্তম নম্বৰত বেটিং কৰি আছিল। ধোনী বৰ্তমান ভাল বেটছমেন হোৱাৰ পৰিৱৰ্তে সম্ভৱতঃ এতিয়া এজন পৰামৰ্শদাতা হোৱাৰ ওপৰত অধিক গুৰুত্ব দিছে। সেইবাবে ধোনীয়ে মাত্ৰ ৮ ৰ পৰা ১০ টা বল খেলিব লগা হয় আৰু ডাঙৰ শ্বট মৰাত ব্যৰ্থ হৈ পৰে।"
গম্ভীৰে লগতে কয় যে, 'যদিহে ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা বন্ধ কৰে, তেন্তে আই পি এলৰ দৰে ডাঙৰ প্ৰতিযোগিতাসমূহত যথেষ্ট কঠিনতাৰ সন্মুখীন হ'বলগীয়া হয়।
আই পি এল ২০২০-ত, ধোনীয়ে গড়ে মাত্ৰ ২৫ ৰাণ আৰু ১৪ খন মেচত মুঠ ২০০ ৰাণ সংগ্ৰহ কৰিছিল। তাৰ বাবে, চিএছকে দলটোৱে প্লে-অফতো উপনীত হ'ব নোৱাৰিলে। ধোনীয়ে আই পি এল ২০২১ ত এতিয়ালৈকে মাত্ৰ ৩৭ ৰাণ সংগ্ৰহ কৰিছে। এনে পৰিস্থিতিত, আগন্তুক আইপিএলত চেন্নাই ছুপাৰ কিংছ দলটোৱে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে।
Comments