গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ আমাৰ স্বাস্থ্য আৰু শৰীৰ এটি এটি সৰু বস্তুৰ সৈতে সম্পৰ্কিত, উদাহৰণস্বৰূপে; জোতাৰ সৈতে মোজা পিন্ধা। আমি সকলোৱে জোতাৰ সৈতে মোজা পিন্ধো, আন কিছুমান লোকে আকৌ মোজাৰ সৈতে জোতা পিন্ধিবলৈ ভাল নাপায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই সৰু বিকল্পবোৰেও স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে। জোতা পিন্ধাৰো কিছুমান শুদ্ধ আৰু ভুল উপায় থাকে।
মোজাৰ সৈতে জোতা পিন্ধাৰ প্ৰকৃত কাৰণসমূহঃ
১. আমাৰ ভৰিৰ তলুৱা আৰু গোৰোহা জোতাৰ পৰা পোনপটীয়াকৈ ঘঁহনি নাখাবৰ বাবে মোজা পিন্ধিব লাগে। লগতে মোজা পিন্ধিলে ভৰিৰ ছালখন খহটা নহয়।
২. মোজাই গ্ৰীষ্মকালত ভৰিৰ ঘাম শুহি লয় আৰু শীতকালত ভৰিৰ উষ্ণতা নিয়ন্ত্রণত ৰাখে।
৩. মোজা পিন্ধিলে ভৰিৰ ভেঁকুৰ লগাৰ আশংকা প্ৰতিহত কৰে, কিয়নো মোজাই ভৰিৰ তলুৱাৰ ঘামবোৰ শুহি লৈ শুকাই ৰাখে। ভৰিৰ ভেঁকুৰ সাধাৰণতে য'ত আৰ্দ্ৰতা, অন্ধকাৰ আৰু তাপ থাকে আৰু মোজা অবিহনে জোতা পিন্ধিলে এনে এক ভেঁকুৰে ধৰাৰ সম্ভাৱনা বৃদ্ধি হয়।
৪. মোজা পিন্ধিলে ভৰিৰ তলত বেক্টেৰিয়া আৰু মৃত ছাল জমা নহয় আৰু সংক্ৰমণৰ আশংকা নাইকিয়া হয়।
লগতে তলুৱাত কোনোধৰণৰ ফোঁহাৰ সৃষ্টি নহয়।
জোতাৰ ভিতৰত মোজা পিন্ধাত লৱলগীয়া সাৱধানতা সমূহঃ
১. মোজাযোৰ ভাল কপাহৰ আৰু উন্নত মানদণ্ডৰ হ'ব লাগে।
২. লেতেৰা মোজা পৰিধান কৰিব নালাগে।
৩. যদিহে মোজাযোৰ খুলিলে ভৰিত ৰঙা দাগ দেখা পায়, তেনেহ'লে মোজাযোৰ সোনকালে সলনি কৰক।
৪. যদি আপুনি দীঘলীয়া সময়ৰ বাবে মোজা আৰু জোতা পিন্ধি আছে, কিছু সময়ৰ বাবে মোজাবোৰ খুলি দিয়ক আৰু ভৰিৰ তলুৱাত বতাহ লাগিবলৈ দিয়ক।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।
Comments