Choose Language

  • All  
  • English
  • অসমীয়া

আপোনাৰ পাকঘৰতে থকা এই ৪ বিধ মচলাৰে নিয়ন্ত্রণত ৰাখক মধুমেহ


Published on September 17, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

স্বাস্থ্যৰ বাবে অতিকৈ বেয়া এই ৪ টা অভ্যাস; আপোনাৰ আছে যদি তৎক্ষণাৎ ত্যাগ কৰক 


Published on September 14, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ বৰ্তমানৰ এই ব্যস্ত জীৱনত, বেছিভাগ লোকৰে অভ্যাস বেয়া হৈ পৰে। যদি এই বদঅভ্যাসবোৰ সময়মতে সংশোধন কৰা নহয়, পিছলৈ এইবোৰ অনুশোচনা কৰাৰ বাহিৰে আন একো উপায় নাথাকে, কিয়নো এই অভ্যাসবোৰে আপোনাৰ জীৱনটো ৰুগীয়া কৰি তুলিব পাৰে। বিশেষজ্ঞৰ মতে স্বাস্থ্যৱান শৰীৰৰ বাবে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। লগতে সুৰা, ধূমপান ত্যাগ কৰাও উচিত। যদি আপুনি কম সময় টোপনি মাৰিছে, তেন্তে এই অভ্যাসটো সলনি কৰক। সদায়ে স্বাস্থ্যৱান হৈ থাকিবলৈ যিমান সম্ভৱ সিমান পানী খাব লাগে। 

নিম্নলিখিত বদঅভ্যাসসমূহ পৰিত্যাগ কৰকঃ

১. সুৰা সেৱন

সুৰা এনেকুৱা এবিধ বস্তু যি কেৱল শাৰীৰিকভাৱে নহয় মানসিকভাৱেও যথেষ্ট ক্ষতিকাৰক। সুৰাই কেৱল যকৃতৰ ক্ষতি কৰে এনে নহয়, লগতে হৃদৰোগ, হতাশা আৰু কৰ্কটৰ দৰে বিপদজনক ৰোগ সৃষ্টি কৰিব পাৰে। গতিকে যদিহে আপুনিও সুৰা সেৱন কৰি আছে, তেন্তে অতি সোনকালে এই অভ্যাসটো সলনি কৰক।

২. ধূমপান সেৱন 

ধূমপান স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। ইয়াক দীঘলীয়া সময়ৰ বাবে সেৱন কৰিলে কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগ হ'ব পাৰে। এক প্ৰতিবেদন অনুসৰি, ৮০-৯০ শতাংশ লোকৰ ধূমপানৰ ফলত হাঁওফাঁওৰ কৰ্কট ৰোগ হয়। গতিকে সময়মতে চিগাৰেট বা ধঁপাতজাতীয় বস্তুৰ পৰা দূৰৈত থকাই ভাল, অন্যথা ই আপোনাৰ বাবে মাৰাত্মক হিচাপে পৰিগণিত হ'ব পাৰে। 

৩. অধিক পৰিমাণত বিষৰ ঔষধ সেৱন 

দেখা যায় যে মানুহে অলপ আঘাতপ্রাপ্ত হ'লে তৎক্ষণাৎ বিষৰ টেবলেট খায় দিয়ে। কিন্তু সদায়ে এনে কৰাটো শৰীৰৰ বাবে সঠিক নহয়। বিষৰ ঔষধ দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰিলে, ই লাহে লাহে মানুহজনক মৃত্যুৰ মুখলৈ ঠেলি নিয়ে। বিষৰ ঔষধ বেছি পৰিমাণত খোৱাটো স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক হ'ব পাৰে। ই উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰে। গতিকে অত্যাধিক পৰিমাণত বিষৰ ঔষধ ব্যৱহাৰ কৰাৰ পৰা দূৰৈত থাকক। 

৪. সময়মতে টোপনি নোহোৱা 

কিছুসংখ্যক মানুহে ৰাতি বহূপৰলৈ অন্যান্য কামত ব্যস্ত হৈ থাকে আৰু তাৰ পিছত পৰ্যাপ্ত টোপনি মাৰিব নোৱাৰে। যদি আপুনিও তেনে অভ্যাস গঢ়ি তুলিছে তেন্তে এতিয়াৰ পৰা সাৱধান হওক। কিয়নো কম টোপনি মৰাৰ ফলত স্বাস্থ্যক অতি বেয়াকৈ প্ৰভাৱিত কৰে। ইয়াৰ ফলত মানুহৰ আচৰণত ব্যাপক সালসলনি হয়। মানুহৰ খং বৃদ্ধি হয়, লগতে হতাশাৰ সমস্যাও বৃদ্ধি হয়। কম সময় টোপনি মৰাৰ ফলত উচ্চ ৰক্তচাপৰ সমস্যাও বৃদ্ধি হ'ব পাৰে। গতিকে  আপোনাৰ শোৱাৰ সময় ঠিক কৰাৰ লগতে কমেও ৮ ঘণ্টা টোপনি মৰাটো নিত্যান্তই প্ৰয়োজনীয়।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Cartoon
View Older

 

October 21, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account