গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ নিউজিলেণ্ড ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ বাতিল কৰাৰ কেইঘণ্টামান পিছত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বোৰ্ডে কয় যে, "তেওঁলোকে প্ৰকৃত পৰিস্থিতিৰ মূল্যাঙ্কন কৰিব আৰু অহা ৪৮ ঘণ্টাৰ ভিতৰত সন্ত্ৰাসপীড়িত দেশখনলৈ দলটোৰ প্ৰস্তাৱিত ভ্ৰমণৰ বিষয়ে সিদ্ধান্ত ল'ব।"
নিৰাপত্তাৰ ভাবুকি পোৱাৰ ঠিক আগতে শুকুৰবাৰে নিউজিলেণ্ড ক্ৰিকেট বোৰ্ডে নিজৰ দলটোক পাকিস্তান ভ্ৰমণৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লয়। ইংলেণ্ডে অক্টোবৰত দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে ৰাৱালপিণ্ডি ভ্ৰমণ কৰাৰ কথা আছে। ২০০৫ চনৰ পিছত এইটো ইংলেণ্ডৰ প্ৰথম পাকিস্তান ভ্ৰমণ হ'ব।
এই বিষয় সন্দৰ্ভত ইংলিছ ক্রিকেট বৰ্ডে এক বিবৃতিযোগে কয় যে, "নিউজিলেণ্ডৰ পাকিস্তান ভ্ৰমণ প্ৰত্যাহাৰ কৰা সিদ্ধান্তৰ বিষয়ে আমি অৱগত। বৰ্তমান পাকিস্তানৰ বিদ্যমান পৰিস্থিতি সন্দৰ্ভত সম্পূৰ্ণৰূপে বুজিবলৈ আমি আমাৰ নিৰাপত্তা দলৰ সৈতে যোগাযোগ কৰি আছো।" বৰ্তমান, নিউজিলেণ্ড ভ্ৰমণ বাতিল কৰাৰ বাবে পাকিস্তানে এক মোক্ষম আঘাতৰ সন্মুখীন হ'বলগীয়া হৈছে।
Comments