Classifieds
View All
গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ শমিতা চেট্টীয়ে বৰ্তমান বিগ বছ অ'টিটি মঞ্চত তেওঁৰ প্ৰতিভা দেখুৱাই আছে। শমিতাই তেওঁৰ খেলখন মানসিক শক্তি সৱল কৰি বুদ্ধিৰে খেলি আছে। অভিনেত্ৰীগৰাকীৰ মাকে অলপতে তেওঁক লগ কৰিবলৈ আহিছিল আৰু শমিতাই তেওঁৰ মাকক ভিনিহিয়েকৰ কথা সোধাত মাকৰ উত্তৰে বৰ্তমান সামাজিক মাধ্যমত ব্যাপক খলকনিৰ সৃষ্টি কৰিছে।
শমিতাই ভিনিয়েকৰ বিষয়ে মাকক সুধিছিল, "বাইডেউ আৰু ভিনিহিদেউৰ কি খবৰ! তেতিয়া তেওঁৰ মাক সুনন্দা চেট্টীয়ে উত্তৰত কৈছিল, মই তোমাক লৈ গৌৰৱান্বিত। তোমাৰ বাইদেউ আৰু ভিনিহিয়ে তোমালৈ বহুত মৰম পঠাইছে।"
"তুমি বহুত শক্তিশালী আৰু আমাৰ পৰিয়ালত থকা তিনিওগৰাকী মহিলাই শক্তিশালী। জীৱনত উত্থান-পতন থাকিবই, কিন্তু তাৰ পৰা নিজকে উলিয়াই আনিব পৰা লোকজনহে সফল ব্যক্তি হিচাপে পৰিগণিত হয়।"
Comments