গুৱাহাটী,১৯ ছেপ্টেম্বৰ:অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ জেভলিন আৰু ব্ৰঞ্জ বিজয়ী লাভলিনা বৰগোঁহাইৰ বক্সিং গ্লাভছ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত এক ই-নিলামত সৰ্বাধিক মূল্যত স্পৰ্শ কৰিছে৷ লাভলিনাৰ গ্লাভছ আৰু চোপ্ৰাৰ স্বৰ্ণজয়ী জেভলিনৰ মূল্যই অতিক্ৰম কৰিছে ১০ কোটিৰ সীমা ।
ইয়াৰে লাভলীনাৰ গ্লাভছ জোৰৰ আধাৰ মূল্য আছিল ৮০ লাখ টকা, আনহাতে জেভলিনৰ মূল্য আছিল ১ কোটি টকা । টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী পি ভি সিন্ধুৰ এটা বেডমিণ্টন ৰেকেট আৰু বেগে ইয়াৰ ৮০ লাখ টকাৰ আধাৰ মূল্যৰ বিপৰীতে ২.২ কোটি টকাৰ নিবিদা লাভ কৰিছিল ।
আনহাতে টকিঅ' পেৰালিম্পিক ৰূপৰ পদক বিজয়ী এছ এল যথিৰাজৰ ৰেকেটে ৫০ লাখ টকাৰ নিবিদা লাভ কৰিছে । অলিম্পিকত চিএ ভৱানী দেৱীয়ে ব্যৱহাৰ কৰা ফেঞ্চখনে এতিয়ালৈকে কোনো নিবিদা লাভ কৰা নাই যাৰ আধাৰ মূল্য আছিল ৬০ লাখ টকা । টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা দেৱী হৈছে প্ৰথম ভাৰতীয় ফেঞ্চাৰ । এই নিলাম প্ৰক্ৰিয়া সমাপ্ত হ'ব ৭ অক্টোবৰত ।
Comments