গুৱাহাটী,২০ ছেপ্তেম্বৰ:ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ' (এনচিআৰবি)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি,অপৰাধৰ হাৰ প্ৰতি লাখ জনসংখ্যাত ১১০ তকৈ কম আৰু ধৰ্ষণৰ লগতে হত্যাৰ দৰে গুৰুতৰ অপৰাধৰ সংখ্যা সৰ্বনিম্ন হোৱাৰ বাবে কলকাতাক দেশৰ মহানগৰসমূহৰ ভিতৰত আটাইতকৈ সুৰক্ষিত মহানগৰ হিচাপে ঘোষণা কৰা হৈছে।
এনচিআৰবিৰ দ্বাৰা প্ৰকাশিত শেহতীয়া প্ৰতিবেদন অনুসৰি, দিল্লীত প্ৰতি লাখ জনসংখ্যাত ধৰ্ষণৰ লগতে হত্যাৰ দৰে গুৰুতৰ অপৰাধ ১,৫০৬ টা সংঘটিত হৈছে। ইয়াৰ পিছতে চেন্নাইত ১,০১৬ টা, মুম্বাইত ২৭২ টা আৰু বেংগালুৰুত ২৩৪ টা অপৰাধ নথিভুক্ত কৰা হৈছে, আনহাতে কলকাতাত সংঘটিত হোৱা অপৰাধৰ হাৰ মাত্ৰ ১১০ টা ।
তাৰোপৰি চেন্নাইত সংঘটিত মুঠ অপৰাধৰ হাৰ হৈছে ১,৯৩৭ টা, দিল্লীত ১,৬০৮ টা,কলকাতাত এই হাৰ মাত্ৰ ১২৯ টা । আন দুখন মহানগৰ - মুম্বাই আৰু বেংগালুৰুত সামগ্ৰিক অপৰাধ ক্ৰমান্বয়ে ৩১৯ আৰু ৪০২ টাহে সংঘটিত হৈছে।
Comments