গুৱাহাটী,২০ ছেপ্তেম্বৰ:অহা মাহত ইউএই আৰু ওমানত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পিছত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী, বলিং প্ৰশিক্ষক ভৰত অৰুণ আৰু ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰে তেওঁলোকৰ কাৰ্যকাল সমাপ্ত কৰিব। ব'ৰ্ডে এই মুহূৰ্তত তেওঁলোকৰ চুক্তি পুনৰ আগুৱাই নিয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰা নাই। বিচিচিআইয়ে ভাৰতৰ প্ৰাক্তন লেগ স্পিনাৰ অনিল কুম্বলেক আকৌ এবাৰ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হোৱাটো বিচাৰে আৰু ইয়াৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰাৰ প্ৰস্তুতি চলাইছে বুলি গুজৱ উঠিছে।
কুম্বলে ২০১৭ চনত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিছিল,তেওঁৰ আৰু অধিনায়ক কোহলীৰ মাজত বিভেদৰ কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ পাইছিল। বিৰাট কোহলীয়ে বৃহস্পতিবাৰে টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় টি-২০ দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।
কুম্বলে চাৰি বছৰ আগতে মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগ কৰাৰ পিছত কোহলীয়ে ৰবি শাস্ত্ৰীক দলৰ মুখ্য প্ৰশিক্ষক হিচাপে সমৰ্থন কৰিছিল। উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বাধ্যতামূলক পেনেলৰ পৰামৰ্শৰ পিছতেই কুম্বলেক বৰ্ডে দললৈ পুনৰ ঘূৰাই অনাৰ ইচ্ছা প্ৰকাশ কৰিছে। কোহলীয়ে টি-২০ ৰ অধিনায়কত্ব ত্যাগ কৰাৰ পিছত, বিচিচিআইও নিশ্চিত যে দলটোক এজন নতুন প্ৰশিক্ষকৰ প্ৰয়োজন। কোহলীয়ে অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ পিছত এক প্ৰেছ বিজ্ঞপ্তিত বিচিচিআইৰ সচিব জয় শ্বাহে কয় যে টীম ইণ্ডিয়াৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে ব'ৰ্ডৰ হাতত এক স্পষ্ট ৰোডমেপ আছে।
Comments