গুৱাহাটী,২০ ছেপ্তেম্বৰ:ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চতুৰ্দশ ছিজনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন খেলত চেন্নাই চুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ২০ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ধোনী বাহিনীয়ে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৫৬ ৰাণ সংগ্ৰহ কৰিছিল। ৰিতুৰাজ গায়কৱাড়ৰ বিধ্বংসী ৮৮ ৰাণৰ অপৰাজিত ইনিংছে এনে সন্মানজনক স্কোৰ কৰাত চেন্নাইক সহায় কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাইয়ে ৮ উইকেটত ১৩৬ ৰাণ সংগ্ৰহ কৰে। মুম্বাইৰ বেটছমেনসকলে চেন্নাইৰ বলাৰসকলৰ সন্মুখত বিধ্বস্ত হৈ এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাইছিল। মুম্বাইৰ হৈ সৌৰভ তিৱাৰীয়ে সৰ্বাধিক ৫০ ৰাণ সংগ্ৰহ কৰে কিন্তু কোনো বেটছমেনে তেওঁক সমৰ্থন কৰিব নোৱাৰিলে। চিএছকেৰ হৈ ব্ৰাভোৱে তিনিটা আৰু দীপক চাহাৰে দুটা উইকেট দখল কৰে।
সংক্ষিপ্ত:
চেন্নাই চুপাৰ কিংছ - ১৫৬/৬
মুম্বাই ইণ্ডিয়ানছ - ১৩৬/৮
শ্ৰেষ্ঠ খেলুৱৈ - ৰিতুৰাজ গায়কৱাড়
ফলাফল- চেন্নাই চুপাৰ কিংছ ২০ ৰাণত বিজয়ী
মেচ খনৰ শ্ৰেষ্ঠ খেলুৱৈ ৰিতুৰাজ গায়কৱাৰে কৈছিল,"নিয়মিত অন্তৰালত উইকেট পতনৰ চাপৰ পিছত,মই ধৈৰ্য্যৰে আগবাঢ়ি দলটোক ১৩০,১৪০ আৰু তাৰ পিছত ১৫০ লৈ গৈছিলো। শ্ৰীলংকা ভ্ৰমণে মোক যথেষ্ট সহায় কৰিছিল।"
Comments