গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ প্ৰাচীন মানুহৰ অৱশিষ্টবোৰ বিজ্ঞানীসকলৰ বাবে কোটিটকীয়া সম্পত্তিতকৈ কম নহয়। শেহতীয়াকৈ, বিজ্ঞানীসকলে তিব্বতৰ এটা শিলৰ পৃষ্ঠত ইমমোবাইল আৰ্টৰ আটাইতকৈ পুৰণি নমুনা বিচাৰি পাইছে। যাৰ ফলত প্ৰাচীন জীৱনৰ বহুতো ৰহস্য মুকলি হ'ব বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে। লাখ লাখ বছৰ পুৰণি শিলৰ পৃষ্ঠত থকা চিহ্নবোৰ অতি গুৰুত্বপূৰ্ণ।
বিজ্ঞানীসকলে বিশ্বাস কৰে যে এই অৱশিষ্টই প্ৰাচীন জীৱনৰ বহুতো ৰহস্য ভেদ কৰিব পাৰিব। চীনৰ গুয়াংঝৌ বিশ্ববিদ্যালয় আৰু ইউকেৰ বোৰ্ণমাউথ বিশ্ববিদ্যালয়ৰ ১৮ জনীয়া বিজ্ঞানীৰ এটা দলে এই আৱিষ্কাৰ কৰিছে। যাৰ বিষয়ে বিগত সপ্তাহত বিজ্ঞান বুলেটিনত প্ৰকাশিত কৰা হৈছিল। তিব্বতীয় মালভূমিৰ কুৱেচাং অঞ্চলৰ শিলৰ পৃষ্ঠত পোৱা হাত আৰু পদচিহ্নবোৰক ইমমোবাইল আৰ্ট বুলি উল্লেখ।
বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণাত জানিব পাৰিছিল যে এই অৱশিষ্টবোৰ ১,৬৯,০০০ ৰ পৰা ২,২৬,০০০ বছৰ পুৰণি হ'ব পাৰে। লগতে উদ্ধাৰ হোৱা অঞ্চলটোত মুঠ পাঁচটা হাতৰ চিহ্ন আৰু পাঁচটা পদচিহ্ন পোৱা গৈছে, যিবোৰ গৰম পানীৰ স্প্ৰিংৰ চাৰিওফালে জমা হোৱা চুনৰ শিলত সংৰক্ষণ কৰা হৈছে। ইয়াক ট্ৰেভাৰ্টিন বুলি কোৱা হয়।
ইপিনে, গৱেষণাৰ সৈতে জড়িত বোৰ্ণমাউথ বিশ্ববিদ্যালয়ৰ পৰিৱেশ আৰু ভৌগোলিক বিজ্ঞানৰ অধ্যাপক মেথিউ বেনেটে কৈছিল যে, "এই চিহ্নবোৰ ইচ্ছাকৃতভাৱে খোজ কাঢ়ি সৃষ্টি কৰা হৈছিল। এইটো 'স্থিৰ কলা'ৰ আটাইতকৈ পুৰণি উদাহৰণ হ'ব পাৰে। বেনেটে লগতে কৈছিল যে, "প্ৰাচীন কালত শিশুসকলে গৰম পানীৰ জলপ্ৰপাতৰ কাষত সৃষ্টি হোৱা বোকাত খেলিছিল আৰু সাৱধানে তেওঁলোকৰ হাত আৰু ভৰিৰে খোজ পেলাইছিল।"
Comments