Classifieds
View All
গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা শেহতীয়াকৈ জাৰি কৰা এক বিবৃতিতযোগে কাবুলত ২৯ আগষ্টৰ ড্ৰোন আক্ৰমণ সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে ক্ষমা বিচাৰিছে।
আমেৰিকাই এই সন্দৰ্ভত মতামত ব্যক্ত কৰি কয় যে, "কাবুল বিমানবন্দৰত আমাৰ সৈন্যৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত আমি এইটো এটা ড্ৰ'ন আক্ৰমণ চলাইছিলো। পৰৱৰ্তী সময়ত কাবুল আক্ৰমণৰ ষড়যন্ত্ৰ কৰা, সন্ত্ৰাসবাদী নিহত হোৱাৰ উপৰিও সাধাৰণ লোক নিহত হোৱা খবৰ শুনি আমি দুখ পাইছিলো। এই আক্ৰমণত ৭ টা শিশুসহ ১০ জন সাধাৰণ লোক নিহত হোৱা বুলি খবৰ পাইছিল।"
"এই ড্ৰ'ন আক্ৰমণত সাতটা নিৰীহ শিশুসহ ১০ জন সাধাৰণ লোক কৰুণভাৱে নিহত হোৱা বাবে আমি মানি লৈছো যে এইটো আমাৰ এটা ভুল হৈছিল, আৰু আমি আন্তৰিকতাৰে সকলোৰে আগত ক্ষমা বিচাৰিছো। "
Comments