Classifieds
View All
গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ আপুনি জানি আচৰিত হ'ব যে এইখন দেশৰ ট্ৰাক চালকসকলে ভাৰতৰ শিক্ষিত অভিযন্তা আৰু চিকিৎসকতকৈও অধিক ধন উপাৰ্জন কৰে।
ব্ৰিটেইনৰ চুপাৰমাৰ্কেটৰ ট্ৰাক চালকসকলক সামগ্ৰী বিতৰণৰ বাবে বাৰ্ষিক ৭০,০০০ অৰ্থাৎ ৭২,৮৮,৫১৫ টকা দৰমহা দিয়া হয়। কেৱল সেয়াই নহয়, তেওঁলোকক লগতে ২,০০০ পাউণ্ড অৰ্থাৎ প্ৰায় ২,০২,৬১২ টকা বনাচ স্বৰূপে প্ৰদান কৰা হয়।
দৰাচলতে, ট্ৰাক চালকসকলক ইমান টকা পৰিশোধ কৰাৰ মূল কাৰণ হ'ল, টেস্কো আৰু ছাইন্সবাৰীৰ দৰে কোম্পানীৰ নিয়োগকাৰীসকলে ট্ৰাক চালকসকলক সদায়ে ভাল দৰমহা আগবঢ়াই আহিছে। কিয়নো ৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমান ১,০০,০০০ ট্ৰাক চালকৰ অভাৱ হৈ আছে।
সেয়েহে অভিজ্ঞ চালকসকলক চুপাৰমাৰ্কেটত ষ্টক বৰ্তাই ৰখাৰ বাবে তেওঁলোকৰ সেৱাৰ বিনিময়ত লাখ লাখ টকাৰ দৰমহা বৃদ্ধি কৰি প্ৰলোভিত কৰা হৈছে।
Comments