গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ আয়কৰ বিভাগে বলীউডৰ প্ৰখ্যাত অভিনেতা চনু সুদক লৈ হৈ পৰিছে। শেহতীয়াকৈ আয়কৰ বিষয়াসকলে অভিনেতাজনৰ বিৰুদ্ধে গোপন অনুসন্ধান চলাই আছে। আয়কৰ বিষয়াসকলে চনু সুদৰ একাউণ্ট বুকৰ পৰা আৰম্ভ কৰি উপাৰ্জন আৰু ব্যয়লৈকে সকলো বিত্তীয় নথি পৰীক্ষা কৰি আছে।
বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আয়কৰ বিভাগৰ দলটোৱে মুম্বাই, লক্ষ্ণৌ, কানপুৰ, জয়পুৰ, দিল্লী আৰু গুৰুগ্ৰামসহ মুঠ ২৮ টা স্থানত এক বৃহৎ তালাচী অভিযান চলাই আছে। লগতে অনুসন্ধানত প্ৰায় ২০ কোটি টকাৰো অধিক মূল্যৰ কৰ ফাঁকিৰ সূত্ৰ প্ৰকাশ পাইছে। অভিযানৰ সময়ত ১.৮ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে। লগতে ১১ টা লকাৰৰ ওপৰতো তদন্ত চলাই থকা হৈছে।
ইপিনে, এই বিষয় সন্দৰ্ভত আয়কৰ বিভাগে চনু সুদৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই। কিন্তু আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আয়কৰ ব্যৱস্থা সন্দৰ্ভত এটি বক্তব্য প্ৰদান কৰিছে।
তেওঁ চনু সুদৰ সপক্ষে টুইট প্ৰদান কৰি লিখিছে যে, "সত্যৰ পথত সদায়ে বিভিন্ন অসুবিধা আহি পৰে, কিন্তু বিজয় সদায় কেৱল সত্যৰ হে হয়। চনু সুদৰ সৈতে ভাৰতৰ লাখ লাখ পৰিয়ালৰ প্ৰাৰ্থনা আছে যিয়ে এই কঠিন সময়ত চনুক সহায় কৰিব।"
Comments