Classifieds
View All
গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃধৰালৈ সংগোপনে নামিছে শীত।উৎকট গৰমৰ পৰা কিছু পৰিমাণে পাব সকাহ।আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যৰ বহু ঠাইত বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা মতে,মঙলবাৰলৈকে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা।উজনি অসমৰ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, উত্তৰ অসমৰ শোণিতপুৰ, লখিমপুৰ,ধেমাজি, নামনি অসমৰো বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
অসমৰ উপৰিও নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ বৰষুণ হ’ব।গুৱাহাটীত প্ৰায় ২৬ ডিগ্ৰী ছেলচিয়াচলৈ নামিব পাৰে তাপমাত্ৰা।
Comments